নগাঁও আৰক্ষীৰ জালত পৰিছে জালনোট সৰবৰাহকাৰী মেঘালয়ৰ ৫ যুৱক-যুৱতী। হোজাইৰ পৰা শ্বিলঙলৈ ML05U9020 নম্বৰৰ এখন মাৰুতি ইক' বাহনেৰে গৈ থকাৰ খবৰ লাভ কৰি নগাঁও টাউন আৰক্ষী বিষয়া অচ্যুত ফুকন আৰু জাজৰিৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নগাঁও খাপপিটি আছিল।
জালনোট সৰবৰাহকাৰী (Counterfeit Note Suppliers) দলটোৰ ইক'বাহনখন বৰঘাট বাইপাছ পোৱাৰ লগে লগে আৰক্ষীয়ে ৰখাবলৈ চেষ্টা কৰোঁতেই নগাঁও আৰক্ষীৰ AS02T6542 নম্বৰৰ বলেৰ' গাড়ীখনত খুন্দিয়াই পলায়নৰ চেষ্টা কৰে। লগে লগে আৰক্ষীয়ে খেদি খেদি ২ যুৱতী আৰু ৩ যুৱকসহ জালনোট সৰবৰাহকাৰী দলটোক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে জালনোট সৰবৰাহকাৰী চক্ৰটোৰ পৰা ৫ লাখ টকাৰ জালনোট উদ্ধাৰ কৰিছে। বৰ্তমান নগাঁও সদৰ আৰক্ষীয়ে মেঘালয়ৰ ৫ যুৱক-যুৱতীক জেৰা অব্যাহত ৰাখিছে।
Published by: Gautam Barman
FIRST PUBLISHED : May 30, 2022, 01:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।