ডকাইতে সোণৰ আ-অলংকাৰ, এটা আইফোন আৰু নগদ প্ৰায় ৭০ হাজাৰ টকা লুটি নিয়ে
ডকাইতে সোণৰ আ-অলংকাৰ, এটা আইফোন আৰু নগদ প্ৰায় ৭০ হাজাৰ টকা লুটি নিয়ে
মৰিগাঁৱৰ সোণাৰিগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ঘৰত সংঘটিত হয় এই ডকাইতি কাণ্ড (Robbery in Morigaon)।
অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহিবুল্লা হাজৰিকা নামৰ ব্যক্তি জনৰ ঘৰত ভাড়াঘৰ বিচাৰি অহাৰ ছলেৰে সংঘটিত কৰে ডকাইতি কাণ্ড। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ভাড়াঘৰ চাবলৈ আহে দুগৰাকী পুৰুষ-মহিলা। মহিবুল্লা হাজৰিকাৰ পুত্ৰ ৰেকিবুল হাজৰিকা ঘৰত অকলে থকাৰ সুযোগতে শীতল পানীৰ লগত নিচাযুক্ত ঔষধ খুৱাই সংঘটিত কৰে ডকাইতি।
ডকাইতে সোণৰ আ-অলংকাৰ, এটা আইফোন আৰু নগদ প্ৰায় ৭০ হাজাৰ টকা লুটি নিয়ে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। গুৰুতৰভাৱে অসুস্থ ৰেকিবুল হাজৰিকা বৰ্তমান মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন। মৰিগাঁও আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|