ৰাজ্যত আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুত কৰাৰ নামত ভয়ংকৰ জাল মেলিছে বৃহৎ দুষ্ট চক্ৰই। ডবকাত বিলাসী গাড়ী, লেপটপ, ভুৱা প্ৰেছ কাৰ্ডসহ তিনিজন যুৱককক আটক কৰাৰ পিছতেই উন্মোচিত হৈছে বহু ভয়ংকৰ তথ্য। এজেণ্টসকলে গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ লোকৰ পৰা ৩০০ৰ পৰা ৫০০ টকাৰ বিনিময়ত প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ ভুৱা আয়ুষ্মান ভাৰতৰ কাৰ্ড। চক্ৰটোৱে প্ৰস্তুত কৰা আয়ুষ্মান কাৰ্ড চিকিৎসালয়তদেখুৱাৰ পিছতেই ধৰা পৰে চক্ৰটোৰ কু কৰ্ম।
ওদালগুৰিৰ স্ৱয়ম্ভূ সাংবাদিক ৰফিক আলী আৰু বৰপেটাৰ আব্দুল কৰিমে ভুৱা আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুত কৰাৰ নামত ৰাজ্যত নিয়োগ কৰিছে শ শ এজেণ্ট। হোজাই জিলাৰ একাংশ যুৱকৰ পৰা ধন লৈ আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুত কৰিবলৈ দিছিল ভুৱা পাছৱৰ্ড। প্ৰায় ১৫ লক্ষাধিক টকা হোজাই জিলাৰ শিক্ষিত নিবনুৱাৰ পৰা অতি কৌশলেৰে একাউণ্ট যোগে লুটিছিল দুষ্ট চক্ৰটোৱে।
হোজাই জিলাৰ একাংশ এজেণ্টে নতুন এজেণ্ট নিয়োগ কৰাৰ কথা কৈ অসাধু চক্ৰটোৰ অন্যতম অভিযুক্ত আব্দুল কৰিমক মাতি আনে হোজাইলৈ। ধনৰ লোভত নতুন এজেণ্ট নিয়োজিত কৰিবলৈ আহি জালত পৰিল চক্ৰটোৰ অন্যতম অভিযুক্ত আব্দুল কৰিমসহ তিনিজন যুৱক। আব্দুল কৰিমৰ ঘৰ বৰপেটাৰ সৰ্থেবাৰীৰ গৰিয়া চতলাত।
সহযোগী আখতাৰ হুছেইন আৰু ৰকিবুল ইছলামোকো আটক কৰিছে আৰক্ষীয়ে । ৰকিবুল আৰু আখতাৰৰ ঘৰ মুকালমুৱাত । তিনিওকে আটক কৰি ডবকা আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে । ইতিমধ্যে তিনিওজনৰ পৰা আৰক্ষীয়ে ভূৱা প্ৰেছ কাৰ্ড, ৱেব পৰ্টেলৰ লগো, লেপটপ, কেইবাটাও মোবাইল আৰু বিলাসী গাড়ী জব্দ কৰিছে ।
চক্ৰটোৰ বিৰুদ্ধে ডবকা আৰক্ষী থানাত কেবাটাও গোচৰ ৰুজু হোৱাৰ লগতে হোজাই থানাতো গোচৰ ৰুজু কৰিছে একাংশ ভুক্তভোগী এজেণ্টে।
ডবকা আৰক্ষী থানাত ভুক্তভোগী তফজুৰ ৰহমান নামৰ এজেণ্ট এজনে দিয়া এজাহাৰত উল্লেখ কৰা মতে দৰং জিলাৰ ৰফিক আলী আৰু বৰপেটাৰ সৰ্থেবাৰীৰ আব্দুল কৰিমে আয়ুষ্মান ভাৰত ই-কাৰ্ড (Ayushman Bharat e-cardৰ) কাম দিয়াৰ বাবে দুমাহ মান পূৰ্বে তিনি লাখ টকা লৈছিল যুৱক জনৰ পৰা। আয়ুস্মান ভাৰত কাৰ্ডৰ নামত ভুৱা ৱেবছাইট খুলি হোজাই জিলাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ যুৱক যুৱতীক Corporate PSA, Corporate Operator ID প্ৰদান কৰিছিল চক্ৰটোৱে । কিন্তু ৱেবছাইটোত সকলো কাম কৰাৰ পিছত যিবোৰ কাৰ্ড প্ৰদান কৰা হৈছিল হৈছে সেই সকলো কাৰ্ড হাস্পতালৰ পৰা অবৈধ বুলি এজেণ্টসকলক অৱগত কৰিছিল। ইয়াৰ পাছতেই পোহৰলৈ আহিল সমগ্ৰ জাল চক্ৰটো।
ভুক্তভোগী যুৱক সকলে মূল অভিযুক্ত ৰফিক আলীক ফোন কৰিলেই মুখ্য মন্ত্ৰীৰ সৈতে মিটিঙত ব্যস্ত আছে বুলি কৈ ফোন কাটি দিয়াৰ অভিযোগ কৰে ভুক্তভোগী যুৱকসকলে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|