உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Guwahati Murder Case: মহানগৰীৰৰ ভাস্কৰ নগৰত যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ, নাই চকু

    Guwahati Murder Case: মহানগৰীৰৰ ভাস্কৰ নগৰত যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ, নাই চকু

    সন্দেহ কৰা হৈছে টহলদাৰী আৰক্ষীৰে গিজগিজাই থকা মহনগৰখনত কোনো ঠাইৰ পৰা মৃতদেহ কঢ়িয়াই আনি তাত পেলাই দিয়া হৈছিল।

    সন্দেহ কৰা হৈছে টহলদাৰী আৰক্ষীৰে গিজগিজাই থকা মহনগৰখনত কোনো ঠাইৰ পৰা মৃতদেহ কঢ়িয়াই আনি তাত পেলাই দিয়া হৈছিল।

    সন্দেহ কৰা হৈছে টহলদাৰী আৰক্ষীৰে গিজগিজাই থকা মহনগৰখনত কোনো ঠাইৰ পৰা মৃতদেহ কঢ়িয়াই আনি তাত পেলাই দিয়া হৈছিল।

    • Share this:

    আৰক্ষীৰ আধুনিকীকৰণৰ সমান্তৰালভাৱে মহানগৰত বৃদ্ধি পাইছে অপৰাধ। অপৰাধৰ চৰিত্ৰও নিষ্ঠুৰতা তথা জঘন্যৰ শেষ শাৰীত উপনীত হৈছে। আজি গুৱাহাটীৰ ভাস্কৰ নগৰত উদ্ধাৰ হোৱা এগৰাকী যুৱকৰ মৃতদেহেই (Deadbody Found in Guwahati) এই কথা প্ৰমাণ কৰে।


    আজি পুৱাই গুৱাহাটীৰ ভাস্কৰ নগৰত উদ্ধাৰ হয় এগৰাকী যুৱকৰ মৃতদেহ (Murder in guwahati)। যুৱকজনৰ দেহৰ বহু ঠাইত আঘাতৰ চিন প্ৰত্যক্ষ কৰা হৈছিল। কিন্তু অতি পৰিতাপৰ কথা যে তেওঁৰ চকু দুটা উলিয়াই নিয়া হৈছিল। ঘটনাস্থলীত কোনো তেজৰ চেকুৰা নাছিল। সন্দেহ কৰা হৈছে টহলদাৰী আৰক্ষীৰে গিজগিজাই থকা মহনগৰখনত কোনো ঠাইৰ পৰা মৃতদেহ কঢ়িয়াই আনি তাত পেলাই দিয়া হৈছিল।


     যুৱকজনৰ পৰিচয় প্ৰথমে উদ্ধাৰ হোৱা নাছিল পিছত তেওঁৰ নাম লাচিত বৰ্মন বুলি জানিব পৰা যায়। ঘৰ ছয় গাঁওৰ কুকুৰমাৰাত। ২৫ বছৰীয়া যুৱকজনে বায়েক-ভিনীয়েকৰ সৈতে উজান বজাৰত বাস কৰিছিল। বায়েক ৰেলৱে বিভাগত কৰ্মৰত। পৰিয়ালৰ লোকে কোনো লোকক সন্দেহ কৰা নাই এতিয়ালৈ। জানিব পৰা মতে, কালি আবেলি ৪ মান বজাত ঘৰৰ পৰা ওলাই আহিছিল যুৱকজন।


    সম্প্ৰতি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে যুৱকজনৰ মোবাইল পোনৰ জৰিয়তে বহুখিনি তথ্য পোৱাৰ সম্ভাবনা প্ৰকাশ কৰিছে। উল্লেখ্য, পুৱাই ৫ বজাতে স্থানীয় মানুহে যুৱকজনক পৰি থকা দেখিছিল যদিও নিশাৰ পৰা মাতাল অৱস্থাত শুই থকা বুলি ভাবিছিল। ঘটনাৰ বিষয়ে প্ৰায় ২ ঘণ্টা পিছতহে সকলোৱে অৱগত হয়। চানমাৰি আৰক্ষীয়ে (Chandmari Police) মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে GMCলৈ প্ৰেৰণ কৰিছে মৃতদেহ।


    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    Published by:Gautam Barman
    First published: