কাৰ্বি আংলঙত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। ইয়াৰ মাজতে আজি সন্ধিয়া ড্ৰাগছ মাফিয়া আৰু আৰক্ষীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হোৱাত সৃষ্টি হৈছে চাঞ্চল্যৰ। গুলীয়াগুলীত নিহত হৈছে এটা ড্ৰাগছ মাফিয়া।
জানিব পৰা মতে সন্ধিয়া প্ৰায় ৫-৩০ বজাত লাহৰিজান পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত এক খবৰ আহিছিল দিছাপুৰ দেওবৰীয়া বজাৰ ৰোড দিশেৰে তিনি চাৰি জনীয়া এটা দলে বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহ কৰিব বুলি। সেই তথ্য পোৱাৰ পিছত সেই স্থানত লাহৰিজান পহৰা চকীৰ আৰক্ষীয়ে তালাচী চলাই থকাৰ সময়ত প্ৰায় ৬-৩০ বজাত সন্দেহজনক অৱস্থাত অহা তিনিজনীয়া যুৱকৰ এটা দলক আৰক্ষীয়ে ৰ'বলৈ নিৰ্দেশ দিয়ে যদিও সেই দলটোৱে আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে। অৱশেষত আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰাত এজনৰ দেহত গুলী লগাত লোকজন আহত হয়। পৰৱৰ্তী সময়ত আহত লোকজন মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।