ৰাজ্যত পুনৰ সংঘটিত হৈছে এক এনকাউণ্টাৰ (Encounter)ৰ ঘটনা । এইবাৰ ঘটনাৰ স্থান হাইলাকান্দি (Hailakandi) জিলাত । যোৱা নিশা হাইলাকান্দিত আৰক্ষীৰ গুলিত নিহত হৈছে বৰাক উপত্যকাৰ কুখ্যাত কয়লা ব্যবসায়ী (Coal Mafia) আব্দুল আহাদ চৌধুৰী । নিশা আনুমানিক ১.৩০ বজাত হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ সিমান্তত থকা লক্ষ্মীনগৰ এলেকাত সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা। পিছতে মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতাললৈ লৈ আহে । বৰ্তমানে মৃতদেহটো হাস্পতালৰ মৰ্গত আছে ।
উল্লেখ্য যে শনিবাৰে হাইলাকান্দি আৰক্ষীয়ে কৰিমগঞ্জ জিলাৰ সুতাৰকান্দিৰ পৰা গ্ৰেপ্তাৰ কৰিছিলে ব্যবসায়ী আব্দুল আহাদক । যোৱা ১০ এপ্ৰিলত হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীৰ অধীনৰ গাগলাছেড়া এলেকাৰ পৰা ভুৱা নথিৰ সৈতে এখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰিছিল। আৰু এই ঘটনাৰ আঁত ধৰি শনিবাৰ পুৱতি নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আব্দুল আহাদক।
আৰক্ষী দিয়া তথ্য অনুসৰি, ধৃত আব্দুল আহাদক গ্ৰেপ্তাৰ কৰাৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ নিয়াৰ সময়ত কৌশলেৰে পলায়ন কৰে আহাদে । কৰিমগঞ্জ জিলালৈ পলাই যোৱাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে আহাদক বাধা দিবলৈ চেষ্টা কৰে। কিন্তু আহাদে আৰক্ষীলৈ লক্ষ্য কৰি গুলী চালনা কৰাত প্ৰত্যুত্তৰত চলোৱা আৰক্ষীৰ গুলীত মৃত্যু হয় কয়লা ব্যবসায়ী আব্দুল আহাদৰ ।
নিহত আব্দুল আহাদ চৌধুৰী বৰাক উপত্যকাত চলা অবৈধ কয়লা ব্যবসায়ৰ মূখ্য অভিযুক্ত আছিল । আহাদৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাৰ লগতে প্ৰতিবেশী ৰাজ্যসমূহতো অৰ্ধশতাধিক গোচৰ ৰজু হৈ আছে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|