உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • ই-ৰিক্সাৰে চলিছে ড্ৰাগছৰ বেহা, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱতো ক্ষিপ্ৰ গতিত চলিছে আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান

    ই-ৰিক্সাৰে চলিছে ড্ৰাগছৰ বেহা, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱতো ক্ষিপ্ৰ গতিত চলিছে আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান

     অপৰাধবিৰোধী অভিযান আৰু অধিক গতিশীল কৰাৰ বাবে নগাঁও আৰক্ষীয়ে  গঠন কৰিছে দুটাকৈ স্কোৱাড।

    অপৰাধবিৰোধী অভিযান আৰু অধিক গতিশীল কৰাৰ বাবে নগাঁও আৰক্ষীয়ে গঠন কৰিছে দুটাকৈ স্কোৱাড।

    অপৰাধবিৰোধী অভিযান আৰু অধিক গতিশীল কৰাৰ বাবে নগাঁও আৰক্ষীয়ে গঠন কৰিছে দুটাকৈ স্কোৱাড।

    • Share this:

    মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বৰ্তমান ক্ষিপ্ৰ গতিত চলিছে ড্ৰাগছবিৰোধী অভিযান। অন্য জিলাৰ দৰে নগাঁৱতো বৰ্তমান আৰক্ষীয়ে দিনে-নিশাই ড্ৰাগছবিৰোধী অভিযানত নামি পৰিছে। নগাঁও আৰক্ষীয়ে বিগত সপ্তাহটোত জিলাখনৰ বিভিন্ন অঞ্চলত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে বহু দুৰ্ধৰ্ষ অপৰাধী। আজি আটকাধীন অপৰাধীসকলক লৈ নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাই নগাঁও আৰক্ষীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে এখন সংবাদ মেল। সংবাদ মেলত আৰক্ষী বিষয়াগৰাকীয়ে বিগত সপ্তাহটোত আটক কৰা ১৫জন দুৰ্ধৰ্ষ অপৰাধীক সংবাদ মাধ্যমৰ সন্মুখত প্ৰদৰ্শন কৰে।


    অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে ড্ৰাগছৰ ব্যৱসায়ত ব্যৱহৃত এখন ই–ৰিক্সা, এখন মটৰচাইকেল আৰু এখন স্কুটীও সংবাদ মাধ্যমৰ সন্মুখত প্ৰদৰ্শন কৰে। তাৎপৰ্যপূৰ্ণভাৱে নগাঁৱত বহু ই-ৰিক্সা চালকে ড্ৰাগছৰ ব্যৱসায় চলাই থকাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছিল। ইপিনে অপৰাধবিৰোধী অভিযান আৰু অধিক গতিশীল কৰাৰ বাবে নগাঁও আৰক্ষীয়ে দুটাকৈ স্কোৱাড গঠন কৰিছে। ইয়াৰে এণ্টি নাৰ্ক'টিক স্কোৱাডৰ নেতৃত্বত থাকিব অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰা আৰু ৰাইদাৰ স্কোৱাডৰ নেতৃত্বত থাকিব অতিৰিক্ত আৰক্ষী অধীক্ষক(সীমান্ত) মানস শইকীয়া।

    Published by:Gautam Barman
    First published: