• Home
  • »
  • News
  • »
  • crime
  • »
  • Duplicate Police Officer : হেলমেট নিপিন্ধাৰ বাবে জৰিমনা লোৱা ডুপ্লিকেট পুলিচ অফিচাৰক ৰঙাঘৰলৈ প্ৰেৰণ, প্ৰৱঞ্চক পংকজৰ আছে অলেখ আখ্যান

Duplicate Police Officer : হেলমেট নিপিন্ধাৰ বাবে জৰিমনা লোৱা ডুপ্লিকেট পুলিচ অফিচাৰক ৰঙাঘৰলৈ প্ৰেৰণ, প্ৰৱঞ্চক পংকজৰ আছে অলেখ আখ্যান

চিকিৎসক, কমাণ্ডো, আৰক্ষী বিভিন্ন পৰিচয়েৰে বহুজনক প্ৰৱঞ্চনা কৰিছিল পংকজে

চিকিৎসক, কমাণ্ডো, আৰক্ষী বিভিন্ন পৰিচয়েৰে বহুজনক প্ৰৱঞ্চনা কৰিছিল পংকজে

চিকিৎসক, কমাণ্ডো, আৰক্ষী বিভিন্ন পৰিচয়েৰে বহুজনক প্ৰৱঞ্চনা কৰিছিল পংকজে

  • Share this:
কেতিয়াবা যদি জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিয়া দুৰ্ধৰ্ষ কমাণ্ডোৰ ৰূপত ফেচবুকত ৰিল ভিডিঅ' দি জনপ্ৰিয় হৈ পৰে, কেতিয়াবা আকৌ সুদক্ষ চিকিৎসকৰ ৰূপত নিজকে চিনাকি দি চমক দিয়ে। এই গৰাকী যুৱকৰ নাম হৈছে পংকজ হাজৰিকা।

পিছে সামাজিক মাধ্যমত ব্লেককেট কমাণ্ডো হিচাপে পৰিচিত পংকজে এইবাৰ অন্য এক অৱতাৰ ল'বলৈ গৈ পৰিল বিপদত। শনিবাৰে নিশা। তেজপুৰ চহৰৰ পৰুৱা চাৰিআলিত এগৰাকী ব্যস্ত আৰক্ষী উপ-পৰিদৰ্শকৰ ৰূপত দেখা গৈছিল পংকজক। পৰুৱা চাৰিআলিত হেলমেট আৰু বাহনৰ কাগজ-পাতি পৰীক্ষাৰ বাবে তালাচীত কৰ্মৰত এদল যান-বাহন আৰক্ষীৰ জোৱানৰ সৈতে পংকজ হাজৰিকা নামৰ যুৱকজনে আৰক্ষীৰ পোছাকত বিভিন্ন লোকক সোধা–পোছা কৰাৰ লগতে কেইগৰাকীমান যুৱকৰ পৰা হেলেমেট নিপিন্ধাৰ বাবে জৰিমনাও আদায় কৰে।

কিন্তু হঠাৎ সেই স্থানত থকা যান-বাহন আৰক্ষীৰ জোৱানৰ সন্দেহ ওপজে পংকজৰ ওপৰত। যান-বাহন আৰক্ষীৰ জোৱানকেইজনে পংকজক কোন থানাত কৰ্মৰত বুলি প্ৰশ্ন কৰাত নিজকে মহাভৈৰৱ আৰক্ষী চকীৰ বিষয়া বুলি পৰিচয় দিয়ে।

পিছে সেই স্থানত উপস্থিত থকা মহাভৈৰৱ আৰক্ষী চকীৰ জোৱানে পংকজ হাজৰিকাৰ প্ৰৱঞ্চনা ধৰা পেলোৱাত পংকজে সেই স্থানৰ পৰা লগে লগে পলায়ন কৰাৰ চেষ্টা কৰে। এখন ই-ৰিক্সাত উঠি পলায়ন কৰা পংকজক খেদি খেদি ধৰিলে তেজপুৰ আৰক্ষীয়ে। ইয়াৰ পিছতে পোহৰলৈ আহিছে পংকজৰ প্ৰৱঞ্চনাৰ আখ্যান।

প্ৰৱঞ্চনাৰ অভিযোগত পংকজৰ বিৰুদ্ধে যোৰহাট, মাজুলী আদি বিভিন্ন ঠাইত ৰুজু হৈ আছে গোচৰ। আনকি প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ সৈতেও নিজৰ ফটো সম্পাদনা কৰি বনাই পংকজে সামাজিক মাধ্যমত বুৰ্বক বনাইছিল বহু লোকক। পিছে এশ গৰু মাৰিলে বাঘৰো মৰণ। সেই কথাষাৰেই যেন আকৌ সত্য প্ৰমাণিত হ'ল পংকজৰ ক্ষেত্ৰত। বৰ্তমান তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ অতিথি পংকজক লৈ সামাজিক মাধ্যমত চলিছে ব্যাপক চৰ্চা।
Published by:Gautam Barman
First published: