• Home
  • »
  • News
  • »
  • crime
  • »
  • স্বাস্থ্যমন্ত্ৰীৰ গৃহজিলা নগাঁৱত ভেজাল ঔষধৰ বেহা ! ভেজাল ঔষধ বিক্ৰী কৰিবলৈ অহি ৰঙাঘৰৰ আলহী হ'ল দুজন...

স্বাস্থ্যমন্ত্ৰীৰ গৃহজিলা নগাঁৱত ভেজাল ঔষধৰ বেহা ! ভেজাল ঔষধ বিক্ৰী কৰিবলৈ অহি ৰঙাঘৰৰ আলহী হ'ল দুজন...

নগাঁৱৰ কচুৱাত ভেজাল ঔষধ বিক্ৰী কৰিবলৈ অহি ৰঙাঘৰৰ আলহী হ'ল দুজন লোক ৷ কচুৱাৰ এখন  ফাৰ্মাচীত বিক্ৰী কৰিবলৈ আনিছিল প্ৰায় ১২ হাজাৰ টকাৰ সন্দেহজনক ঔষধ ।

  • Share this:
স্বাস্থ্যমন্ত্ৰীৰ গৃহজিলা নগাঁৱত এতিয়া চলিছে ভেজাল ঔষধৰ বেহা ৷ জানিব পৰা মতে জিলাখনৰ ভিন্ন প্ৰান্তৰ প্ৰায় সমূহ ফাৰ্মাচীতে বিক্ৰী হয় ভেজাল ঔষধ ৷ আৰু এই ভেজাল ঔষধ সমূহ ফাৰ্মাচী সমূহত যোগান ধৰে গুৱাহাটীৰ এটা বৃহৎ চক্ৰই ৷

নগাঁৱৰ কচুৱাত ভেজাল ঔষধ বিক্ৰী কৰিবলৈ আহি ধৰা পৰিল দুজন লোক। উল্লেখযোগ্য যে কচুৱাৰ এখন  ফাৰ্মাচীত বিক্ৰী কৰিবলৈ আনিছিল প্ৰায় ১২ হাজাৰ টকাৰ সন্দেহজনক ঔষধ । পিছত ফাৰ্মাচিষ্টজনৰ সন্দেহ হোৱাত ঔষধ বোৰ মিলাই চোৱাতহে প্ৰকৃত ৰহস্য ফাদিল হয় । ফাৰ্মাচিষ্ট জনে নগাঁও জিলা ফাৰ্মাচিষ্ট এচোছিয়েশ্যনক খবৰ দিয়াত সভাপতিগৰাকী উপস্থিত হৈ আৰক্ষীৰ সহযোগত ঔষধসহ দুজন লোকক আটক কৰে । জিলা ফাৰ্মাচিষ্ট এচোছিয়েশ্যনে ধনঞ্জয় সৰকাৰসহ আন এজনৰ বিৰুদ্ধে কচুৱা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে । ইতিমধ্যে ভেজাল ঔষধ বিক্ৰী কৰিবলৈ অহা দুজন ব্যক্তিক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি