• Home
  • »
  • News
  • »
  • crime
  • »
  • ৰাজ্যত সক্ৰিয় গাড়ী চুৰি চক্ৰ ! অসমৰ পৰা চুৰি হোৱা ডাম্পাৰ পুনৰ নাগালেণ্ডত উদ্ধাৰ ...

ৰাজ্যত সক্ৰিয় গাড়ী চুৰি চক্ৰ ! অসমৰ পৰা চুৰি হোৱা ডাম্পাৰ পুনৰ নাগালেণ্ডত উদ্ধাৰ ...

ৰাজ্যত সক্ৰিয় গাড়ী চুৰি চক্ৰ ! ডবকাৰ পৰা চুৰি হোৱা ডাম্পাৰ নাগালেণ্ডত উদ্ধাৰ ৷ চুৰি হোৱাৰ ২৪ ঘন্টাৰ ভিতৰতে ডবকা আৰক্ষীয়ে অভিযান চলাই  উদ্ধাৰ কৰে ডাম্পাৰখন৷

ৰাজ্যত সক্ৰিয় গাড়ী চুৰি চক্ৰ ! ডবকাৰ পৰা চুৰি হোৱা ডাম্পাৰ নাগালেণ্ডত উদ্ধাৰ ৷ চুৰি হোৱাৰ ২৪ ঘন্টাৰ ভিতৰতে ডবকা আৰক্ষীয়ে অভিযান চলাই  উদ্ধাৰ কৰে ডাম্পাৰখন৷

ৰাজ্যত সক্ৰিয় গাড়ী চুৰি চক্ৰ ! ডবকাৰ পৰা চুৰি হোৱা ডাম্পাৰ নাগালেণ্ডত উদ্ধাৰ ৷ চুৰি হোৱাৰ ২৪ ঘন্টাৰ ভিতৰতে ডবকা আৰক্ষীয়ে অভিযান চলাই  উদ্ধাৰ কৰে ডাম্পাৰখন৷

  • Share this:
ৰাজ্যত সক্ৰিয় হৈ আছে গাড়ী চুৰি চক্ৰ ৷ পুনৰ হোজাই ডবকাৰ পৰা ডাম্পাৰ চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ গাড়ী চুৰি চক্ৰই ট্ৰাক, ডাম্পাৰৰ স্বত্ত্বাধিকাৰী সকলক নিদ্ৰা হৰণ কৰিছে৷ গাড়ী চুৰি চক্ৰই কেতিয়াবা চালক হেণ্ডিমেনক ব্যাৱহাৰ কৰি অসমৰ পৰা অতি সহজেই নাগালেণ্ডলৈ সৰবৰাহ কৰিছে ছয় চকীয়া, বাৰ চকীয়া ডাম্পাৰ সমূহ৷

এক প্ৰকাৰ অসম আৰক্ষীক চেলেঞ্চ কৰি গাড়ী চুৰি চক্ৰই অব্যাহত ৰাখিছে চুৰি কাৰ্য৷ বিগত তিনি চাৰি মাহত ডবকাৰ পৰা কেবাখনো ডাম্পাৰ চুৰি কৰি গাড়ী চুৰি চক্ৰই নাগালেণ্ডলৈ সৰবৰাহ কৰা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওতেই কালি হোজাই জিলাৰ নিজ ডবকা গাঁৱৰ পৰা  চুৰি হোৱা ডাম্পাৰ এখন নাগালেণ্ডৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে৷ চুৰি হোৱাৰ ২৪ ঘন্টাৰ ভিতৰতে নাগালেণ্ডৰ পৰা ডবকা আৰক্ষীয়ে উদ্ধাৰ কৰিলে চুৰি হোৱা ডাম্পাৰখন৷হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত ডবকা আৰক্ষীয়ে নাগালেণ্ডৰ জালুকীৰ পৰা প্ৰায় ১০০ কিঃমিঃ দূৰত উদ্ধাৰ কৰে ডাম্পাৰখন৷ উল্লেখ্য যে ১৮ তাৰিখে নিশা নাম ডবকা গাঁৱৰ ইয়াকুব আলী নামৰ ডাম্পাৰ চালকজনৰ ঘৰৰ পৰা চুৰি হৈছিল AS 02- CC- 6905 নম্বৰৰ ডাম্পাৰখন৷ ডাম্পাৰখনৰ গৰাকী জলাল উদ্দিনৰ চালক ইয়াকুব আলীৰ ঘৰত ৰাখি থোৱা অৱস্থাতে নিশা ডাম্পাৰখন চুৰি হোৱাৰ পিছত ঘটনা সংক্ৰান্তত ডবকা থানাত এটা গোচৰ ৰুজু হয়৷ আৰক্ষীয়ে চুৰি গাড়ীখনৰ GPS ট্ৰেক কৰি নাগালেণ্ডৰ জালুকীৰ পৰা ১০০ কিঃমিঃ নিলগৰ টেনিং নামৰ ঠাইখনত ডাম্পাৰখন থকা বুলি নিশ্চিত হয় আৰু তাৰ পিছতে আৰক্ষী আৰু সেই অঞ্চলৰ ৰাইজৰ সহযোগত উদ্ধাৰ কৰে ডাম্পাৰখন৷ উল্লেখ্য যে নাগালেণ্ডৰ এটা কুখ্যাত গাড়ী চোৰৰ দলে অসমত খোপনি পুতি অব্যাহত ৰাখিছে চুৰিকাৰ্য৷ অলপতে ডবকা আৰক্ষীয়ে নাগালেণ্ডৰ তিনিজনকৈ কুখ্যাত বাইক চোৰক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল৷ এই চক্ৰটোৱে অসমৰ গাড়ীসমুহ চুৰি কৰি অতি কম দামতে ডিমাপুৰত বিক্ৰী কৰে৷

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Kokil Sarma
First published: