• Home
  • »
  • News
  • »
  • crime
  • »
  • সুৰাৰ বাবেই মাতৃক ডিঙি চেপি হত্যা কৰিলে পাষাণ পুত্ৰই। মাকক হত্যা কৰাৰ কথা নিজ মুখে জনায় পিতৃক।

সুৰাৰ বাবেই মাতৃক ডিঙি চেপি হত্যা কৰিলে পাষাণ পুত্ৰই। মাকক হত্যা কৰাৰ কথা নিজ মুখে জনায় পিতৃক।

শোৱাপাটীত নিজ মাতৃক ডিঙি চেপি হত্যা কৰিলে পুত্ৰই।

শোৱাপাটীত নিজ মাতৃক ডিঙি চেপি হত্যা কৰিলে পুত্ৰই।

শোৱাপাটীত নিজ মাতৃক ডিঙি চেপি হত্যা কৰিলে পুত্ৰই।

  • Share this:
ৰহাৰ ধেমাজী গাঁৱত বৃহস্পতিবাৰে নিশা সংঘটিত হ' এক নৃশংস হত্যাকাণ্ড । শোৱাপাটীতে নিজ মাতৃক ডিঙি চেপি হত্যা কৰিলে পুত্ৰই । নিহত মহিলা গৰাকীৰ নাম সাধনী শইকীয়া । হত্যাকাৰী পুত্ৰৰ নাম পল্লৱ শইকীয়া ।

জানিব পৰা মতে, অন্য দিনাৰ দৰে বৃহস্পতিবাৰে নিশা মাতৃ-পুত্ৰ একেটা কোঠাতে শুইছিল  । পিতৃ শুইছিল বেলেগ কোঠাত । শুক্ৰবাৰে পুৱতি নিশা পল্লৱ কোঠাৰ পৰা ওলাই আহি মাকক হত্যা কৰাৰ কথা পিতৃক জনায় । লগে লগে ঘৰখনত হুৱা দুৱা লাগে আৰু ৰহা আৰক্ষীক খবৰ দিয়া হয় । পুৱা ৰহা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত পুত্ৰক আটক কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

জানিব পৰা মতে পল্লৱ আছিল নিচাসক্ত যুৱক । মাদক দ্ৰৱ্য সেৱনৰ ফলত মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল পল্লৱে । কিন্তু কি কাৰণে নিজ মাতৃক হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই যদিও অত্যাধিক নিচাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হ'ল বুলি সন্দেহ কৰা হৈছে ।
Published by:Manjumoni Borah
First published: