মাতৃ ভিনছাৰী ভাংৰা মৰনৈ চাহ বাগিচাৰ শ্ৰমিক আছিল।
মাতৃ ভিনছাৰী ভাংৰা মৰনৈ চাহ বাগিচাৰ শ্ৰমিক আছিল।
গোসাঁইগাঁৱত পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালা মাতৃয়ে। কুলঙ্গাৰ পুত্ৰই মাদক দ্ৰব্যৰ নিচাত মৰিয়াই মৰিয়াই হত্যা কৰে মাতৃক। কোকৰাঝাৰ জিলাৰ মৰনৈ চাহ বাগিচাত সংঘটিত এই ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে।
ঘটনা অনুসৰি, কোকৰাঝাৰ জিলাৰ (Kokrajhar) গোসাঁইগাওঁ মহকুমাৰ গ্ৰাহামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত মৰনৈ চাহ বাগিচাত মঙলবাৰে মাজ নিশা পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰে ৫৬ বছৰীয়া মাতৃক। মাতৃ ভিনছাৰী ভাংৰাই ৰাতি নৈশ আহাৰ গ্ৰহণ কৰি বিছনাত শুই পৰাৰ পিছত মাজৰাতি পুত্ৰই মাদক দ্ৰব্য সেৱন কৰি ঘৰলৈ আহে। কিবা কথাত মাক-পুতেকৰ কাজিয়া লগাত পুত্ৰ পত্ৰেশ ভাংৰাই মদৰ ৰাগিত কাঠৰ কুঠাৰেৰে ঘপিয়াই মাতৃ ভিনছাৰী ভাংৰাক হত্যা কৰে (Son killed mother)।
মাতৃ ভিনছাৰী ভাংৰা মৰনৈ চাহ বাগিচাৰ শ্ৰমিক আছিল। কিছুদিন পূৰ্বে তেওঁ বাৰ্ধক্যজনিত কাৰণত কামৰ পৰা অৱসৰ লৈছিল। প্ৰায় প্ৰতিদিনে এনেদৰে মাদক দ্ৰব্য সেৱন কৰি ঘৰলৈ অহা পুত্ৰই কালি নিশা চৰম অপৰাধ সংঘটিত কৰে। গ্ৰাহামপুৰ আৰক্ষীয়ে ঘটনাৰ খবৰ পাই নিশা ২.৩০ বজাত পত্ৰেশ ভাংৰাক আটক কৰি থানালৈ আনে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|