ৰে'লৱে সুৰক্ষা বাহিনীৰ অভিযানত উদ্ধাৰ ২৬ কণ্টেইনাৰ ড্ৰাগছ৷
ৰে'লৱে সুৰক্ষা বাহিনীৰ অভিযানত উদ্ধাৰ ২৬ কণ্টেইনাৰ ড্ৰাগছ৷
শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰে'ল জংচনত ৰে'লৱে সুৰক্ষা বাহিনীয়ে উজনিমুৱা লামডিং তিনিচুকীয়া যাত্ৰীবাহী ৰে'লত অভিযান চলাই আজি প্ৰায় দুই কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ড্ৰাগছ ব্যৱসায়ী জন নিৰজ কুমাৰ দাস বুলি জানিব পৰা গৈছে ।
বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত ৰে'লৱে সুৰক্ষা বাহিনীৰ অভিযানত আটক হয় সৰবৰাহকাৰী জন। ২৬টা কণ্টেইনাৰত প্ৰায় দুই কোটি টকা মূল্যৰ ড্ৰাগছ লৈ ৰেলেৰে যাত্ৰা কৰা সময়তে শিমলুগুৰি ৰেল জংচনত আটক হয় ড্ৰাগছ সৰবৰাহকাৰীজন । বৰ্তমান শিমলুগুৰি ৰে'লৱে আৰক্ষীৰ জিম্মাত আছে ড্ৰাগছ সৰবৰাহকাৰীজন৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|