
Drugs Seized: এখন মাৰুতি অল্টো গাড়ীৰ তেলৰ টেংকীৰ ভিতৰতে লুকুৱাই ৰখা অবস্থাত আৰক্ষীয়ে জব্দ কৰিছে তিনি কোটি টকা মূল্যৰ ড্ৰাগছ ।
Drugs Seized: এখন মাৰুতি অল্টো গাড়ীৰ তেলৰ টেংকীৰ ভিতৰতে লুকুৱাই ৰখা অবস্থাত আৰক্ষীয়ে জব্দ কৰিছে তিনি কোটি টকা মূল্যৰ ড্ৰাগছ ।
হাইলাকান্দিত আৰক্ষীৰ বিৰাট সাফল্য । আৰক্ষীৰ অভিযানত হাইলাকান্দিত জব্দ হৈছে বৃহৎ পৰিমাণ ড্ৰাগছ । স্থানীয় পাঁচগ্ৰাম এলেকাত ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে তালাচী চলাই থকাৰ সময়তে এখন ৰৈ থকা বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ।
আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ ভিতৰতে আছে ২.৬ কিলোগ্ৰাম ইয়াবা টেবলেট অাৰু ৩৫৭ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন । ঘাইপথৰ কাষতে ৰৈ থকা MZ-02-9626 নম্বৰৰ এখন মাৰুতি অল্টো গাড়ীৰ তেলৰ টেংকীৰ ভিতৰতে লুকুৱাই ৰখা অবস্থাত আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছখিনি । জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য আনুমানিক ৩ কোটি টকা হ'ব বুলি জনাইছে হাইলাকান্দিৰ উপ আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|