ড্ৰাগছখিনি জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰি আৰক্ষীয়ে জেৰা কৰিছে যদিও কোনো ধৰণৰ তথ্য জনোৱা নাই এজনেও। অসমত ড্ৰাগছ বিৰোধী অভিযান এতিয়াও তীব্ৰ গতিত চলি আছে ৷ ইয়াৰ মাজতে ড্ৰাগছ সৰবৰাহৰ বাবে নিত্য নতুন বুদ্ধি উলিয়াই লৈছে সৰবৰাহকাৰীয়ে। কেতিয়া যদি গাড়ীৰ ছীটৰ তলত, কেতিয়াবা গাড়ীৰ হেডলাইটৰ আঁৰত...আকৌ কেতিয়াবা গাড়ীৰ ইঞ্জীনৰ ভিতৰতো উদ্ধাৰ হৈছে মাৰাত্মক ড্ৰাগছ। পিছে এইবাৰ তেলৰ টেংকীৰ পৰা উদ্ধাৰ হ'ল নিষিদ্ধ হেৰ'ইন।
আজি গুৱাহাটীৰ সমীপৰ যোৰাবাটত আৰক্ষীয়ে এখন ট্ৰাকৰ তেলৰ টেংকীৰ পৰা জ্বদ কৰে ২০ কোটি টকাৰ ড্ৰাগছ। বৃহস্পতিবাৰে পুৱা মণিপুৰৰ পৰা গুৱাহাটীলৈ AS-01-DD-9192 নম্বৰৰ ট্ৰাকখনত আনিছিল এই বৃহৎ পৰিমাণৰ হেৰ'ইন ৷
গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ তথ্যৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে যোৰাবাট থানাৰ সন্মুখত ট্ৰাকখন ৰখাই অভিযান চলোৱাত তেলৰ টেংকীৰ পৰা উদ্ধাৰ কৰে ২০৫টা হেৰ'ইন ভৰ্তি কণ্টেইনাৰ ৷ আৰক্ষীৰ চকুত ধূলি দিবৰ বাবে মণিপুৰৰ পৰা গুৱাহাটীলৈ এনেদৰে ট্ৰাকখনৰ তেলৰ টেংকীৰ ভিতৰত চাবোনৰ কেছত লুকুৱাই আনিছিল বৃহৎ পৰিমাণৰ হেৰ'ইনখিনি ৷ আজিৰ তাৰিখত ইয়াৰ বজাৰ মুল্য প্ৰায় ২০ কোটি টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
ড্ৰাগছখিনি জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰে আৰক্ষীয়ে। দুয়োকে জেৰা কৰিছে যদিও এই পৰ্যন্ত কোনো ধৰণৰ তথ্য লাভ কৰা নাই দুয়োজনৰ পৰা।
Published by: Manjumoni Borah
First published: September 02, 2021, 17:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|