মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Drugs Seized: আজাৰাত জব্দ কোটি টকাৰ ড্ৰাগছ, সৰবৰাহকাৰীৰ ৰূপত বৰপেটাৰ যুৱক আৰু মেঘালয়ৰ মহিলা

Drugs Seized: আজাৰাত জব্দ কোটি টকাৰ ড্ৰাগছ, সৰবৰাহকাৰীৰ ৰূপত বৰপেটাৰ যুৱক আৰু মেঘালয়ৰ মহিলা

বৰপেটাৰ আব্দুল মতলিভ আৰু মেঘালয়ৰ ৰেটিলা মাৰাকক ধাবাত খাদ্য গ্ৰহণ কৰি থকাৰ অৱস্থাত আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে।

বৰপেটাৰ আব্দুল মতলিভ আৰু মেঘালয়ৰ ৰেটিলা মাৰাকক ধাবাত খাদ্য গ্ৰহণ কৰি থকাৰ অৱস্থাত আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে।

বৰপেটাৰ আব্দুল মতলিভ আৰু মেঘালয়ৰ ৰেটিলা মাৰাকক ধাবাত খাদ্য গ্ৰহণ কৰি থকাৰ অৱস্থাত আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে।

  • Share this:

ড্ৰাগছমুক্ত অসম গঢ়িবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাঢ়া নিৰ্দেশ দিয়াৰ পিছতে অধিক তৎপৰ হৈছে অসম আৰক্ষী । বিগত কেইবামাহত অসম আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ (large quantity of drugs) জব্দ কৰিছে। এতিয়াও অসম আৰক্ষী (Assam police)ৰ অব্যাহত আছে এই ড্ৰাগছবিৰোধী অভিযান।


পুনৰ আজাৰা আৰক্ষীয়ে চলালে ড্ৰাগছবিৰোধী অভিযান । মহানগৰীৰৰ আজাৰাত চলোৱা এই ড্ৰাগছবিৰোধী অভিযানত পুনৰ জব্দ হ'ল বৃহৎ পৰিমানৰ ড্ৰাগছ। আজাৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বৰঝাৰ বিমানবন্দৰৰ সমীপৰ এখন ধাবাত জব্দ কৰে ড্ৰাগছখিনি।


আজাৰা আৰক্ষী থানা (Azara Police Station)ৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান । ঘটনা সন্দৰ্ভত আটক কৰা হয় ২জনক। এগৰাকী মহিলা আৰু এজন পুৰুষৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি । ড্ৰাগছখিনিৰ পৰিমাণ প্ৰায় ৫০০ গ্ৰাম । মহানগৰীৰ বেহাৰবাৰীত ভাড়াতীয়া হিচাপে থকা বৰপেটাৰ আব্দুল মতলিভ আৰু মেঘালয়ৰ ৰেটিলা মাৰাকক ধাবাত খাদ্য গ্ৰহণ কৰি থকাৰ অৱস্থাত আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে।


এই ড্ৰাগছখিনিৰ বজাৰ মুল্য প্ৰায় ১ কোটি টকা।  জব্দ হোৱা পিছতে ঘটনাস্থলীত গুৱাহাটী পশ্চিমৰ DCP নৱনীত মহন্ত উপস্থিত হয় । এনেদৰে অসম আৰক্ষীৰ চকুত ধূলি দি এতিয়াও চলি আছে মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা।


Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি