মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »৭ সহস্ৰাধিক নিচাযুক্ত টেবলেটসহ বঙাইগাঁৱত আৰক্ষীৰ জালত পৰিল ২ ব্যৱসায়ী...

৭ সহস্ৰাধিক নিচাযুক্ত টেবলেটসহ বঙাইগাঁৱত আৰক্ষীৰ জালত পৰিল ২ ব্যৱসায়ী...

বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ যোগীঘোপাৰ নয়াগাঁৱত আৰক্ষীয়ে অভিযান চলাই  ব্যৱসায়ী এজনৰ পৰা ১০০০ টা নিষিদ্ধ নিচাজাতীয় টেবলেট জব্দ কৰে ৷৷

  • Share this:
বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ যোগীঘোপাৰ নয়াগাঁৱত আৰক্ষীয়ে অভিযান চলাই  ব্যৱসায়ী এজনৰ পৰা ১০০০ টা নিষিদ্ধ নিচাজাতীয় টেবলেট জব্দ কৰে ৷

পৰৱৰ্তী সময়ত ধৃতলোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভয়াপুৰীত থকা  "পাল ড্ৰাগছ" নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত পুনৰ অভিযান চলাই ড্ৰাগছ জব্দ কৰে ৷ উক্ত প্ৰতিষ্ঠান খনৰ পৰা আৰক্ষীয়ে ৬২০০ টা টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বৃহৎ নিচাজাতীয় টেবলেটসহ দুজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন লোক দুজন প্ৰতিষ্ঠানৰ স্বত্তাধিকাৰী  ডুমেৰগুৰীৰ অমিত পাল আৰু এজন কৰ্মচাৰী বুলি জানিব পৰা গৈছে । যোগীঘোপা আৰু অভয়াপুৰীত আৰক্ষীৰ  অভিযানত মুঠ  ৭২০০ টা নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ৷  এই সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে ২৩১/২০২১ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।

শেহতীয়া বাতৰি