মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »জাজৰি আৰক্ষীৰ জালত বুজন পৰিমাণৰ ড্ৰাগছসহ এটা কুখ্যাত ড্ৰাগছ বেপাৰী ...

জাজৰি আৰক্ষীৰ জালত বুজন পৰিমাণৰ ড্ৰাগছসহ এটা কুখ্যাত ড্ৰাগছ বেপাৰী ...

জাজৰি আৰক্ষীয়ে ৰাইডঙীয়া ৰজাআলিত অভিযান চলাই ড্ৰাগছ সহ কৰায়ত্ত কৰে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জাকিৰক।

  • Share this:
ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে জাজৰি আৰক্ষীয়ে  বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এজনক আটক কৰিছে।শুক্ৰবাৰে সন্ধিয়া নগাঁৱৰ জাজৰি আৰক্ষীয়ে ৰাইডঙীয়াৰ ৰজাআলিত জাজৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তুষাৰ  জ্যোতি বৰাৰ নেতৃত্বত অভিযান চলাই ড্ৰাগছ সহ আটক কৰে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জাকিৰ হুছেইনক।

আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জাকিৰৰ পৰা উদ্ধাৰ কৰে ৯ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ। আৰক্ষীয়ে জাকিৰৰ পৰা জব্দ কৰা ড্ৰাগছ খিনিৰ ওজন প্ৰায় ১২.১৪ গ্ৰাম । আৰক্ষীয়ে লগতে জব্দ কৰিছে ধৃত জাকিৰ হুছেইনে ব্যৱহাৰ কৰা এএছ ০২ পি ৬২৮৩   নম্বৰৰ পালচাৰ বাইকখন।উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি জাকিৰে ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল। শুক্ৰবাৰে জাজৰি আৰক্ষীয়ে এক গোপন সুত্ৰৰ ভিত্তিত খবৰ লাভ কৰি নগাঁৱৰ পৰা ৰাইডিঙ্গীয়ালৈ ড্ৰাগছ লৈ অহাৰ সময়তে আৰক্ষীয়ে আটক কৰে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক।

শেহতীয়া বাতৰি