মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »জামিন লাভ কৰিয়েই পুনৰ ড্ৰাগছৰ ব্যৱসায়ত জড়িত হোৱা নাছিমক হাতে লোটে ধৰিলে নগাঁও আৰক্ষীয়ে...

জামিন লাভ কৰিয়েই পুনৰ ড্ৰাগছৰ ব্যৱসায়ত জড়িত হোৱা নাছিমক হাতে লোটে ধৰিলে নগাঁও আৰক্ষীয়ে...

ঝাৰখণ্ড আৰক্ষীয়ে মডেলগৰাকীৰ লগতে আন এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাছিম আখতাৰ নামৰ যুৱকজন কিছুদিন পূৰ্বে  জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলাই আহে ৷ নগাঁও আৰক্ষীয়ে আমিনপট্টিৰ পৰা হাতে-লোটে ধৰিলে নাছিমক।

  • Share this:
ড্ৰাগছৰ অবৈধ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত থকাৰ পাছত  জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছৰ অবৈধ ব্যবসায়ত নামিছে একাংশ যুৱক ৷ আজি নিশা আৰক্ষীয়ে চলোৱা এক অভিযানত এই তথ্য পোহৰলৈ আহিছে ৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাছিম আখতাৰ নামৰ যুৱকজন কিছুদিন পূৰ্বে  জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলাই আহে ৷ পূৰ্বে নাছিমক নিচাযুক্ত ড্ৰাগছৰ অবৈধ ব্যবসায়ৰে জড়িত থকাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ আনহাতে নগাঁও সদৰ থানাৰ আৰক্ষীয়ে আজি সন্ধিয়া চহৰখনৰ আমিনপট্টিলৈ এক চক্ৰই বিক্ৰীৰ বাবে ড্ৰাগছ হিচাপে ব্যৱহাৰ হোৱা নিচাযুক্ত ঔষধ অনা বুলি তথ্য লাভ কৰে ৷ সেই মৰ্মে অসামৰিক পোছাকত আৰক্ষীৰ লোকে ড্ৰাগছ সৰবৰাহকাৰীক ধৰিবৰ বাবে  খাপ পিটি থাকে ৷ নিৰ্দিষ্ট সময়ত দুজন লোকে ড্ৰাগছখিনি লৈ এটি ঘৰত প্ৰৱেশ কৰোতে আৰক্ষীয়ে তেওঁলোকক হাতে লোটে ধৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে অভিযানৰ সময়ত এগৰাকী মহিলাসহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে ৷ ধৃত পাঁচজনৰ ভিতৰত পূৰ্বে ড্ৰাগছ সৰবৰাহ গোচৰত গ্রেপ্তাৰ হোৱা নাছিম আখতাৰ মূল অভিযুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আনহাতে ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত দুগৰাকী মহিলাৰ লগতে বাপ্পী সেন আৰু ছাইফুল ইছলাম নামৰ দুজন যুৱককো গ্ৰেপ্তাৰ কৰিছে।

শেহতীয়া বাতৰি