Drugs from West Bengal: পশ্চিম বংগৰ পৰা নিষিদ্ধ নিচাযুক্ত ঔষধৰ পয়োভৰ অসমত। আৰক্ষীৰ জালত তিনি ড্ৰাগছ সৰবৰাহকাৰী, জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ।
Drugs from West Bengal: পশ্চিম বংগৰ পৰা নিষিদ্ধ নিচাযুক্ত ঔষধৰ পয়োভৰ অসমত। আৰক্ষীৰ জালত তিনি ড্ৰাগছ সৰবৰাহকাৰী, জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ।
পশ্চিম বংগৰ পৰা নিষিদ্ধ নিচাযুক্ত ঔষধৰ পয়োভৰ অসমত। আন্ত:ৰাজ্যিক সীমান্তৰ সোপা ঢিলা নিৰাপত্তাৰ সুযোগ লৈ নামনিত নিচাযুক্ত ঔষধৰ ৰমৰমীয়া বেহা। তেনেই এক তথ্যৰ ভিত্তিত ধুবুৰীত আৰক্ষীৰ অভিযানত নিশা বৃহৎ সফলতা । সাত হেজাৰ নিচাযুক্ত টেবলেট সহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।
প্ৰাপ্ত তথ্য মতে সোমবাৰে নিশা ধুবুৰী চহৰত আৰক্ষীৰ এক অভিযানত এখন চাৰিচকীয়া বাহনৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধসহ দুজন সৰবৰাহকাৰী আৰক্ষীৰ তালাচীত আটক হয়। ধুবুৰীৰ বিঅ’চি পয়েন্টত নিশাৰ আৰক্ষীৰ এই তালাচি অভিযানত এখন বগা ৰঙৰ AS01BD4905 নম্বৰৰ এল্ট’ বাহনৰ পৰা প্ৰায় সাত হাজাৰ নিচাযুক্ত টেবলেটসহ দুজনকৈ ব্যাক্তি আৰক্ষীৰ জালত পৰিছে। ধৃত দুই সৰবৰাহকাৰী ধুবুৰীৰ মামাদূল হুছেইন আৰু মজিদ হুছেইন। উল্লেখযোগ্য যে বাহনখনত দুয়ো চুবুৰীয়া পশ্চিমবংগৰ পৰা নিচাযুক্ত টেবলেটখিনি অনা হোৱা বুলি সন্দেহ কৰিছে ধুবুৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ প্ৰতিম গগৈয়ে। একেদিনাই বিয়লি ধুবুৰী–গৌৰীপুৰ সংযোগী ৰাজপথৰ বীণ পট্টী নামৰ অঞ্চলত এখন যাত্ৰীবাহী টেম্পোৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাযুক্ত কেপচুলসহ এজন ড্ৰাগ্ছ সৰবৰাহকাৰী কৰায়ত্ত কৰাৰ এক ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, গোপন তথ্যৰ ভিত্তিত ধুবুৰীৰ কলেজ নগৰ আৰক্ষী চকীৰ এটি দলে সোমবাৰে বিয়লি ভাগত ধুবুৰী –গৌৰীপুৰ ৰাজপথৰ বীণ পট্টিৰ সমীপত এখন যাত্ৰীবাহী টেম্পো ৰখাই সেইখনৰ এজন যাত্ৰীক তালাচী চলাইছিল। তালাচীৰ সময়ত যাত্ৰীজনৰ হাতত থকা প্লাষ্টিকৰ মোনা এটাৰ পৰা এহাজাৰৰো অধিক নিচাযুক্ত কেপচুল উদ্ধাৰ কৰে আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰী জন সাজিদ সেখ আৰু তেওঁৰ ঘৰ ধুবুৰী চহৰৰ ১৪ নং ৱাৰ্ড বুলি আৰক্ষীয়ে স্পষ্ট কৰিছে। বিগত কিছুদিন ধৰি ধুবুৰীত উক্ত সৰবৰাহকাৰীজনে ড্ৰাগচৰ ব্যৱসায় চলাই আহিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|