মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত। এইবাৰ বাইহাটা চাৰিআলিত ড্ৰাগছসহ আৰক্ষীৰ জালত এজন।

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত। এইবাৰ বাইহাটা চাৰিআলিত ড্ৰাগছসহ আৰক্ষীৰ জালত এজন।

News18 Assam | News18-Assam
Updated:June 2, 2021, 9:03 AM IST
ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত। এইবাৰ বাইহাটা চাৰিআলিত ড্ৰাগছসহ আৰক্ষীৰ জালত এজন।
বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মুক্তাপুৰত আৰক্ষীৰ বৃহৎ সফলতা। ড্ৰাগছসহ কৰায়ত্ত মুক্তাপুৰ জটিয়াভাঙ্গাৰাৰ মুজিবৰ আলী।

বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মুক্তাপুৰত আৰক্ষীৰ বৃহৎ সফলতা। ড্ৰাগছসহ কৰায়ত্ত মুক্তাপুৰ জটিয়াভাঙ্গাৰাৰ মুজিবৰ আলী।

  • Share this:
অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যবসিত উত্তৰ কামৰূপ। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী এলেকা বৃহত্তৰ বাইহাটা চাৰিআলিত এতিয়া ড্ৰাগছৰ ৰমৰমীয়া বেহা। ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে ড্ৰাগছৰ ঘাটি উচ্ছেদত বিশেষ সফলতা অসম আৰক্ষীৰ। কিন্তু ইয়াৰ বিপৰীতে অদ্যপি ৰাজ্যৰ বহুতো অঞ্চলত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।

বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মুক্তাপুৰত আৰক্ষীৰ বৃহৎ সফলতা। ড্ৰাগছসহ কৰায়ত্ত মুক্তাপুৰ জটিয়াভাঙ্গাৰাৰ মুজিবৰ আলী। দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটিত চলাই ৰাখিছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।মুক্তাপুৰৰ লাকী ম'বাইল ফোন মেৰামতি কৰা এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চলাই ৰাখিছিল ড্ৰাগছৰ বেহা। কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু বাইহাটা চাৰিআলিৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা এই অভিযানত উদ্বাৰ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ।
Published by: Kokil Sarma
First published: June 2, 2021, 9:03 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি