
হেলমেটৰ ভিতৰত এটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত 12.90 গ্ৰাম সন্দেহজনক হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে ।
হেলমেটৰ ভিতৰত এটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত 12.90 গ্ৰাম সন্দেহজনক হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে ।
যোৰহাটত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । শুক্ৰবাৰে যোৰহাটত পুলিবৰ আৰক্ষীয়ে চলোৱা বিশেষ তালাচী অভিযানত চাংচোৱা চাহ বাগিচাৰ পথত ড্ৰাগছ সহ এজন যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।
পুলিবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম গোৱালাৰ নেতৃত্বত চিআৰপিএফ বাহিনী আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত কাজিৰঙা গ'ল্ফ ৰিজ'ৰ্টৰ সমীপত চাংচোৱা বাগিচাৰ পথত চলোৱা তালাচী অভিযানত এজন যুৱকৰ পৰা উদ্ধাৰ হয় ড্ৰাগছখিনি । AS-05-J-7231 নম্বৰৰ বাইকত আহি থকা অৱস্থাত গোলাঘাটৰ নাহৰনি কুৰিঘৰীয়া গাঁৱৰ ৰিজু আহমেদ নামৰ যুৱকজনক আটক কৰে আৰক্ষীয়ে । বাইকখনৰ তালাচী চলোৱাত হেলমেটৰ ভিতৰত এটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত 12.90 গ্ৰাম সন্দেহজনক হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে । যুৱকজনৰ পৰা এটা ইনছুলিন চিৰিঞ্জো আৰক্ষীয়ে জব্দ কৰিছে ।
আৰক্ষীয়ে ইতিমধ্যে এটা মোবাইল ফোন আৰু এখন বাইক ধৃত ৰিজু আহমেদৰ পৰা জব্দ কৰিছে । ৰিজু আহমেদক আটক কৰি আৰক্ষীয়ে সোধা-পোছ অব্যাহত ৰাখিছে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|