ৰাজ্যত অব্যাহত আছে ড্ৰাগছবিৰোধী অভিযান। সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ নগাঁও আৰক্ষীয়েও অব্যাহত ৰাখিছে ড্ৰাগছবিৰোধী অভিযান। কচুৱাৰ গেৰজাইপামত আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী।
আটকাধীন কামৰুল ইছলামক ইতিমধ্যে জেল-হাজোতলৈ প্ৰেৰণ কৰা হৈছে। আন ৩ সৰবৰাহকাৰীক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে (Nagaon Police)। ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ পৰা ৩৪টা ড্ৰাগছভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে কচুৱা আৰক্ষী।
উল্লেখ্য যে ড্ৰাগছ সৰবৰাহকাৰী (drug peddler) কামৰুলক প্ৰথমে আৰক্ষীয়ে আটক কৰিছিল। কামৰুলক সোধা-পোছাৰ অন্তত আন তিনি সৰবৰকাৰীক আটক কৰে কচুৱা আৰক্ষীয়ে ৷ আটকাধীনকেইটাৰ নাম বৰ্তমানেও প্ৰকাশ কৰা নাই আৰক্ষীয়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|