মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Drugs Seized: ড্ৰাগছৰ বেহাত একেলগে বৌৱেক দেওৰেক, খেদি খেদি ধৰিলে আৰক্ষীয়ে

Drugs Seized: ড্ৰাগছৰ বেহাত একেলগে বৌৱেক দেওৰেক, খেদি খেদি ধৰিলে আৰক্ষীয়ে

News18 Assam | News18-Assam
Updated:July 1, 2021, 11:01 PM IST
Drugs Seized: ড্ৰাগছৰ বেহাত একেলগে বৌৱেক দেওৰেক, খেদি খেদি ধৰিলে আৰক্ষীয়ে
এই অভিযানত হাজো আৰক্ষীয়ে জব্দ কৰিলে ১০ গ্ৰাম হেৰ'ইনৰ লগতে নগদ ৩৫ হাজাৰ টকা।

এই অভিযানত হাজো আৰক্ষীয়ে জব্দ কৰিলে ১০ গ্ৰাম হেৰ'ইনৰ লগতে নগদ ৩৫ হাজাৰ টকা।

  • Share this:

অসমত ভয়ংকৰ ৰূপত শিপাইছে বৰবিহ ড্ৰাগছ। আজি হাজোত দেখা গ'ল দেওৰেক আৰু বৌৱেকে একেলগে ড্ৰাগছৰ ব্যৱসায়ত নমাৰ ঘটনা। আৰক্ষী অহাৰ সম্ভেদ পাই পলাই যোৱা দুই ড্ৰাগছ ব্যৱসায়ীক খেদি খেদি আটক কৰে আৰক্ষীয়ে। হাজোৰ বৰ্ণিত ড্ৰাগছ বিচাৰি হাজো আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত পোহৰলৈ আহে এই ব্যৱসায়ৰ কথা।


বৰ্ণিৰ ইছমাইল হুছেইন (সৰু) আৰু তেওঁৰ বৌৱেক পাৰবিন চুলতানাই মিলি হাজোত ড্ৰাগছৰ বৃহৎ বেপাৰ চলোৱাৰ নিশ্চিত তথ্য  লাভ কৰি  আৰক্ষীয়ে চলাই অভিযান। এই অভিযানত হাজো আৰক্ষীয়ে জব্দ কৰিলে ১০ গ্ৰাম হেৰ'ইনৰ লগতে নগদ ৩৫ হাজাৰ টকা। দীৰ্ঘদিনৰ পৰা এই বৌৱেক আৰু দেওৰেকে মিলি হাজোৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত ড্ৰাগছৰ বৃহৎ সাম্ৰাজ্য গঢ়ি তুলিছিল। দুই বৌৱেক দেওৰেকক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।

Published by: Gautam Barman
First published: July 1, 2021, 11:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি