মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Drugs Seized: চৰাইদেউত বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ, মাতৃ–কন্যাসহ আটক ৩

Drugs Seized: চৰাইদেউত বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ, মাতৃ–কন্যাসহ আটক ৩

News18 Assam | News18-Assam
Updated:July 3, 2021, 8:25 PM IST
Drugs Seized: চৰাইদেউত বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ, মাতৃ–কন্যাসহ আটক ৩
নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ৰ লগতে অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত হোৱা নামতোলা।

নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ৰ লগতে অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত হোৱা নামতোলা।

  • Share this:

ৰাজ্যত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছ তথা গাঞ্জা আদিকে ধৰি নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এই অভিযানত বিগত কেইটামান দিনত ভালেকেইজন ড্ৰাগছ মাফিয়াৰ লগতে ড্ৰাগছ তথা গাঞ্জা আদিকে ধৰি নিচাজাতীয় দ্ৰব্য সেৱনকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী। চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী নামতোলাতো এই অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।


নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ৰ লগতে অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত হোৱা নামতোলাত বিগত কেইটামান দিনত যথেষ্ট পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে এইসমূহৰ সৰবৰাহত জড়িত লোকক আটক কৰি ইতিমধ্যে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। শেহতীয়াকৈ আজি পুনৰ সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে দুই মহিলাসহ একেটা পৰিয়ালৰ তিনিজনক আটক কৰে  নামতোলা আৰক্ষীয়ে।


নামতোলা আৰক্ষীৰ এক বিশেষ অভিযানকাৰী দলে দিনৰ প্ৰায় ২.৩০ বজাত লাভ কৰা গোপন সূত্ৰ অনুসৰি চলোৱা অভিযানত ১৩৬ গ্ৰাম ব্ৰাউন ছুগাৰসহ ড্ৰাগছ সৰবৰাহত জড়িত অঞ্চলটোৰ নিৱাসী আব্দুল জলিল, তেওঁৰ পত্নী জয়গুণনিছা আৰু তেওঁৰ কন্যা জুবেদা খাতুনক আটক কৰে।

Published by: Gautam Barman
First published: July 3, 2021, 8:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি