உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Drugs Seized : উৰুকাৰ নিশা ড্ৰাগছ সহ ছয়জনক আটক, বৰপেটাৰোড আৰক্ষীৰ অভিযান

    Drugs Seized : উৰুকাৰ নিশা ড্ৰাগছ সহ ছয়জনক আটক, বৰপেটাৰোড আৰক্ষীৰ অভিযান

    Drugs Seized : ড্ৰাগছ সৰবৰাহকাৰী দলটোৰ পৰা ৭টা কণ্টেইনাৰত ২২ গ্ৰাম ড্ৰাগছ, লগতে ড্ৰাগছ ভৰ্তি ১টা পলিথিনৰ পেকেট, খালী কণ্টেইনাৰ আৰু ৬টা মোবাইল জব্দ।

    • Share this:
    উৰুকাৰ নিশা বৰপেটাৰোডৰ উত্তৰ আঠিয়াবাৰীৰ আজাদ নগৰত বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সহ ৬ জন ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে কৰায়ত্ত কৰা ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ নাম আব্দুল আলী, ৰাজদুল মণি দেৱান, বাহাৰুল ইছলাম, আফজল খান, ছাদ্দাম হুছেইন আৰু সমৰ আলী বুলি জানিব পৰা গৈছে ৷

    এক গোপন সুত্ৰৰ ভিত্তিত বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই বৰপেটাৰোডৰ উত্তৰ আঠিয়াবাৰীৰ আজাদ নগৰৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী ছয়টাক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছ সৰবৰাহকাৰী দলটোৰ পৰা ৭টা কণ্টেইনাৰ ভৰ্তি ২২ গ্ৰাম ড্ৰাগছৰ লগতে ১ পেকেট পলিথিনৰ পেকেট ভৰ্তি ড্ৰাগছ আৰু কিছু খালী কণ্টেইনাৰ আৰু ৬টা মোবাইল জব্দ কৰিবলৈ সক্ষম হয় ৷

    ধৃত ড্ৰাগছ সৰবৰাহকাৰী সকলক বৰপেটাৰোড আৰক্ষী থানাত ৰাখি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী আটাইকেইজনৰ ঘৰ বৰপেটাৰোডত বুলি জানিব পৰা গৈছে।
    Published by:Manjumoni Borah
    First published: