ড্ৰাগছৰ ঘাটি ৰূপে পৰিচিত নগাঁৱৰ ফাঁচীৰোডত আজি নগাঁও আৰক্ষীয়ে পুনৰ অভিযান চলাই উদ্ধাৰ কৰিলে বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ। নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক (সদৰ) ত্ৰিদিৱ ত্ৰুমপ্ৰাঙৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে ফাঁচীৰোডৰ আকিৰা বেগম আৰু ছাহিদা খাতুন নামৰ দুগৰাকী মহিলাৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু কফ ছিৰাপ উদ্ধাৰ কৰে।
উল্লেখযোগ্য যে আৰক্ষীৰ চকুত ধূলি দিয়াৰ বাবে আকিৰা আৰু ছাহিদাই শৌচাগাৰৰ টেংকি আৰু মাটিত তলত গাঁত খান্দি নিচাজাতীয় সামগ্ৰীখিনি লুকুৱাই থৈছিল। আজি আৰক্ষীয়ে আটক কৰা আকিৰাৰ মাতৃ আৰু স্বামী দুয়োগৰাকীক ইয়াৰ পূৰ্বে ড্ৰাগছ ব্যৱসায়ৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছিল। আকিৰাৰ পৰা আৰক্ষীয়ে এটা এয়াৰ গানো উদ্ধাৰ কৰিছে। আৰক্ষীৰ দল উপস্থিত হোৱাৰ পূৰ্বে ফাঁচীৰোডৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ছফিকুৰ ওৰফে ছফিকে পলায়ন কৰা বুলি জানিব পৰা গৈছে।
আনহাতে, আৰক্ষীক সহযোগ নকৰাৰ বাবে ফাঁচীৰোডৰ গাঁওৰক্ষী বাহিনীৰ দায়িত্বত থকা ব্যক্তিসকলকো কৰ্মৰ পৰা অব্যাহতি দিয়াৰ কথা ঘোষণা কৰিছে ঘটনাস্থলীত উপস্থিত হোৱা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও ফাঁচীৰোডত আৰক্ষীয়ে বহুবাৰ অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছিল। আৰক্ষীয়ে আটক কৰিছিল বহু ড্ৰাগছ সৰবৰাহকাৰীকো। কিন্তু কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিয়েই পুনৰ এই অঞ্চলৰ লোক ড্ৰাগছৰ ব্যৱসায়ত জড়িত হৈ পৰা দেখা যায়।
ফাঁচীৰোড অঞ্চলত চলা অবাধ ড্ৰাগছ ব্যৱসায়ৰ বাবেই নগাঁৱৰ বহু পৰিয়াল সৰ্বস্বান্ত হৈছে। আনহাতে চৰকাৰী ভূমি দখল কৰি ফাঁচীৰোডত অনৈতিক কাৰ্যকলাপ চলোৱা সন্দেহজনক নাগৰিকক শীঘ্ৰেই উচ্ছেদ কৰাৰ বাবেও অসম চৰকাৰক আহ্বান জনাইছে নগাঁৱৰ সাধাৰণ ৰাইজে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|