• Home
  • »
  • News
  • »
  • crime
  • »
  • Drugs Seized: যোৰহাটত ট্ৰেভেলাৰৰ পৰা উদ্ধাৰ ড্ৰাগছ, ট্ৰেভেলাৰৰ হেন্দিমেন, চালকক আটক

Drugs Seized: যোৰহাটত ট্ৰেভেলাৰৰ পৰা উদ্ধাৰ ড্ৰাগছ, ট্ৰেভেলাৰৰ হেন্দিমেন, চালকক আটক

যোৰহাট নগৰৰ লাহতিত কোনে বিক্ৰী কৰি আহিছে ড্ৰাগছ?

যোৰহাট নগৰৰ লাহতিত কোনে বিক্ৰী কৰি আহিছে ড্ৰাগছ?

যোৰহাট নগৰৰ লাহতিত কোনে বিক্ৰী কৰি আহিছে ড্ৰাগছ?

  • Share this:
যোৰহাটত যাত্ৰীবাহী ট্ৰেভেলাৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে সন্দেহজনক ড্ৰাগছ । ডিএছপি মামণি হাজৰিকাৰ নেতৃত্বত যোৱা যোৰহাট আৰক্ষীৰ এটি দলে অভিযান চলাই মা ৰাণু নামৰ যোৰহাটৰ পৰা নগাঁও অভিমুখী যাত্ৰীবাহী ট্ৰেভেলাৰখনৰ পৰা উদ্ধাৰ কৰে ড্ৰাগছখিনি (Drugs recovered from traveler at Jorhat) ।

পুলিবৰ আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত ট্ৰেভেলাৰখনৰ হেন্দিমেন পঙ্কজ চক্ৰৱৰ্তীৰ লগতে চালকজনক আৰক্ষীয়ে আটক কৰিছে । ড্ৰাগছখিনি সৰবৰাহ কৰি অনা পঙ্কজে কৌশলেৰে ড্ৰাগছৰ পেকেটটো এগৰাকী কিশোৰীৰ হাতত দি আৰক্ষীক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ জালত পৰে (Drugs seized) ।

যোৰহাট ৰজাবাৰীৰ ৰূপ নগৰৰ বাসিন্দা পঙ্কজৰ সৈতে ড্ৰাগছ সৰবৰাহত জড়িত থকা লোকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । উল্লেখ্য , ধৃত পঙ্কজে এই ড্ৰাগছসমূহ নগৰৰ লাহতি অঞ্চলৰ পৰা সংগ্ৰহ কৰিছিল বুলি জানিবলৈ দিছে । আৰক্ষীয়ে (Jorhat Police) তদন্তৰ স্বাৰ্থত অধিক তথ্য জনোৱাৰ পৰা বিৰত আছে ।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি