আৰক্ষীৰ বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰা কৰা ড্ৰাগছ সৰবৰাহকাৰী কুৰবান আলীলৈ আৰক্ষীৰ গুলীচালনা।
আৰক্ষীৰ বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰা কৰা ড্ৰাগছ সৰবৰাহকাৰী কুৰবান আলীলৈ আৰক্ষীৰ গুলীচালনা।
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হ'ল ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনাৰ ঘটনা। শুকুৰবাৰে নিশা প্ৰায় দহ বজাত দ্বীপৰ বিলৰ সমীপৰ মাটিয়াত এই গুলীচালনাৰ ঘটনা সংঘটিত হয়। আৰক্ষীৰ গুলীত আহত হয় কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী কুৰবান আলী। উল্লেখ্য যে, ড্ৰাগছ সৰবৰাহৰ ঘটনাত ভৰলুমুখত কুৰবান আলীক আৰক্ষীয়ে আটক কৰিছিল।
ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰাৰৰ পাছতে আৰক্ষীয়ে কটাহবাৰীস্থিত তাৰ ঘৰত এক অভিযান চলাইছিল। গড়চুক আৰক্ষীৰ সহযোগত ভৰলুমুখ আৰক্ষীয়ে চলোৱা উক্ত অভিযানটোত বৃহৎ পৰিমাণৰ ড্ৰাগছ, ডেৰ লক্ষাধিক টকাসহ কেইবালাখ টকাৰ সোণৰ আ-অলংকাৰ জব্দ কৰা হৈছিল। আৰক্ষীয়ে কুৰবানৰ স্বীকাৰোক্তিৰ ভিত্তিত ড্ৰাগছ সৰবৰাহত জড়িত আন সহযোগীসকলৰ সন্ধানত আৰক্ষীয়ে মাটিয়া অঞ্চললৈ লৈ গৈছিল। কিন্তু মাটিয়াত চলোৱা অভিযানৰ সময়তে ড্ৰাগছ সৰবৰাহকাৰীটোৱে আৰক্ষী জোৱান অচিৎ বড়োক আক্ৰমণ কৰি তেওঁৰ বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰে। আৰক্ষীৰ বেহুৰ পৰা পলায়নৰ অপচেষ্টা কৰা কুৰবানক আটক কৰিবলৈ অৱশেষত আৰক্ষীয়ে কৰিবলগীয়া হয় গুলীচালনা।
আৰক্ষীৰ গুলীত বাওঁভৰিত গুলীবিদ্ধ হয় কুৰবান আলি। উল্লেখ্য যে, কুৰবানৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় আৰক্ষীৰ জোৱান অচিৎ বড়ো। পাছত গুলীবিদ্ধ কুৰবান আৰু জোৱানজনক ততাতৈয়াকৈ আজাৰা প্ৰাথমিক চিকিৎসাকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে কুৰবানক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ গোচৰত ৰঙাঘৰৰ আলহী হৈছিল কুৰবান আলী।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|