உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • বঙাইগাঁৱত সাংবাদিকতাৰ নামত ড্ৰাগছৰ অবৈধ বেহা ৷ ৰাইজে খেদি খেদি দুই যুৱকক কৰিলে কৰায়ত্ত৷

    বঙাইগাঁৱত সাংবাদিকতাৰ নামত ড্ৰাগছৰ অবৈধ বেহা ৷ ৰাইজে খেদি খেদি দুই যুৱকক কৰিলে কৰায়ত্ত৷

    binary comment

    binary comment

    নিতু বণিক্য নামৰ ভুৱা সাংবাদিকক আটক ৷ বাহনত চিৰিঞ্জৰ লগতে কণ্টেইনাৰ আদি উদ্ধাৰ।

    • Share this:
    ৰাজ্যত আৰক্ষী প্ৰসাশনে ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰাৰ সময়তে বঙাইগাঁৱত সাংবাদিকতাৰ আঁৰত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকা পৰিলক্ষিত হৈছে ৷ স্থানীয় ৰাইজৰ তৎপৰতাত খেদি খেদি ভুৱা সাংবাদিকসহ দুজনক কৰায়ত্ত কৰি আৰক্ষীৰ হাতত চমজাই দিয়ে ৷

    বঙাইগঁৱৰ ৰাখালডুবিত এখন চাৰিচকীয়া বাহন দীৰ্ঘ সময় ধৰি পথৰ দাঁতিত ৰখাই থোৱা দেখি স্থানীয় ৰাইজৰ সন্দেহ হয় ৷ সন্মুখত ডাঙৰ আখৰৰে প্ৰেছ বুলি লিখা এই বাহনখনৰ ভিতৰত থকা যুৱকসকলৰ গতি-বিধি নজৰ ৰাখি এটা সময়ত স্থানীয় লোকসকলে বাহনখন আগচি ধৰে ৷ বাহনখনৰ ভিতৰত থকা নিতু বণিক্য নামৰ যুৱকজনে নিজকে সাংবাদিক বুলি পৰিচয় দি 'এনই লাইভ টুডে' নামৰ ৱেব পোৰ্টেল এটাৰ পৰিচয় পত্ৰ প্ৰদৰ্শন কৰে ৷ স্থানীয় লোকসকলে যুৱকজনৰ কথাত বিশ্বাস নকৰি বাহনখন তালাচী চলোৱাত চিৰিঞ্জৰ লগতে কণ্টেইনাৰ আদি উদ্ধাৰ কৰে ৷

    ইয়াৰ মাজতে ভুৱা সাংবাদিকজনে সুযোগ বুজি পলায়নৰ চেষ্টা কৰে যদিও সমবেত লোকসকলে খেদি খেদি যুৱকজনক কৰায়ত্ত কৰে ৷ যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত অমিত ৰয় নামৰ আন এজন যুৱকক আটক কৰে ৷ দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিত কেইবাটাও ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে ৷

    আনহাতে চিৰাঙৰ কাৱাটিকাত বিজনীত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ তিনিজনক কৰায়ত্ত কৰে ৷ অভিযান কালত ১৩টা কণ্টেইনাৰত মুঠ ৪.৯৬০ গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷ আৰক্ষীয়ে মতলেব আলী , চাহিদুল ইছলাম ছিকদাৰ, হজৰত আলীক গ্ৰেপ্তাৰ কৰে ৷
    Published by:Manjumoni Borah
    First published: