• Home
  • »
  • News
  • »
  • crime
  • »
  • Aryan Khan Drugs Case : ড্ৰাগছৰ গোচৰত ৰেহাই নাপালে আৰিয়ান খানে, আদালতে পুনৰ নাকচ কৰিলে আৰিয়ান খানৰ জামিন আবেদন

Aryan Khan Drugs Case : ড্ৰাগছৰ গোচৰত ৰেহাই নাপালে আৰিয়ান খানে, আদালতে পুনৰ নাকচ কৰিলে আৰিয়ান খানৰ জামিন আবেদন

Aryan Khan Drugs Case : আদালতে আৰিয়ান খানৰ লগতে আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেছাৰ জামিন আবেদনো নাকচ কৰিছে।

  • Share this:
মুম্বাইৰ NDPS আদালতে ড্ৰাগছৰ গোচৰত অভিনেতা শ্বাহৰুখ খান (Shahrukh Khan)ৰ পুত্ৰ আৰিয়ান খান (Aryan Khan)ৰ জামিন আবেদন পুনৰ নাকচ কৰিছে। আদালতে আৰিয়ান খানৰ লগতে আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেছাৰ জামিন আবেদনো নাকচ কৰিছে। মুম্বাই (Mumbai)ৰ সাগৰত এখন জাহাজৰ পৰা ড্ৰাগছৰ সৈতে আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰিয়ান খানৰ বিৰুদ্ধে এনডিপিএছ আইনৰ ধাৰা ৮(চি), ২০(বি), ২৭, ২৮, ২৯ আৰু ৩৫ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

১৪ অক্টোবৰত আৰিয়ান খানক স্থানীয় আৰ্থাৰ ৰোড কাৰাগাৰ (Arthur Road Jail)ৰ সাধাৰণ বেৰেকলৈ স্থানান্তৰ কৰা হৈছিল। এনচিবিৰ প্ৰাৰম্ভিক জিম্মা সমাপ্ত হোৱাৰ পিছত দণ্ডাধীশে তেওঁক জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে আৰু ন্যায়িক জিম্মাত চেণ্ট্ৰেল মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰলৈ প্ৰেৰণ কৰে। য'ত তেওঁক সাত দিনৰ বাবে ৰখা হৈছিল।
Published by:Manjumoni Borah
First published: