আৰিয়ান খানৰ জামিন আবেদনৰ (Aryan Khan Bail Plea) শুনানি পুনৰ এবাৰ বৃহস্পতিবাৰৰ বাবে পিছুৱাই দিয়া হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, বোম্বাই উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে দুপৰীয়া ২.৩০ বজাত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব।
মুম্বাইৰ উপকূলৰ ওচৰৰ এখন ক্ৰুজ জাহাজৰ পৰা ড্ৰাগছ জব্দ কৰাৰ অভিযোগত আৰিয়ান খানক এই মাহৰ আৰম্ভণিতে গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ উকীল মুকুল ৰোহতগী আৰু সতীশ মানশিন্দেৰ আৰিয়ান খানৰ জামিন আবেদনৰ ওপৰত যুক্তি মঙলবাৰে সম্পূৰ্ণ হৈছিল কিন্তু আদালতে শুনানি বুধবাৰলৈকে স্থগিত ৰাখিছিল। বুধবাৰৰ শুনানিত পক্ষসমূহৰ যুক্তি শুনি আদালতে গোচৰটো বৃহস্পতিবাৰৰ বাবে স্থগিত ৰাখিছিল।
আৰিয়ান খানৰ অধিবক্তাসকলে মঙলবাৰে আদালতত কৈছে যে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ (NCB) ওচৰত ২৩ বছৰীয়া আৰিয়ানৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই আৰু তেওঁক অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰা হৈছে আৰু ২০ দিনৰো অধিক সময় কাৰাগাৰত আছে।
Published by: Kokil Sarma
FIRST PUBLISHED : October 27, 2021, 19:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।