• Home
  • »
  • News
  • »
  • crime
  • »
  • গাড়ীগাঁৱৰ পৰা বৰপেটালৈ ড্ৰাগছ সৰবৰাহ কৰি আহি থকা অৱস্থাত ভেল্লাত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল মকবুল ...

গাড়ীগাঁৱৰ পৰা বৰপেটালৈ ড্ৰাগছ সৰবৰাহ কৰি আহি থকা অৱস্থাত ভেল্লাত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল মকবুল ...

ড্ৰাগছ ব্যৱসায়ী পুত্ৰৰ অদ্ভুত কাৰ্য ৷ মাতৃক গাড়ীত বহুৱাই লৈ পুত্ৰৰ ড্ৰাগছ সৰবৰাহ । গুৱাহাটীৰ গাড়ীগাঁৱৰ পৰা বৰপেটালৈ ড্ৰাগছ সৰবৰাহ কৰি আহি থকা অৱস্থাত ভেল্লাত ড্ৰাগছসহ মাতৃ-পুত্ৰ আৰক্ষীৰ জালত ।

  • Share this:
ড্ৰাগছ ব্যৱসায়ী পুত্ৰৰ অদ্ভুত কাৰ্য ৷ মাতৃক গাড়ীত বহুৱাই লৈ পুত্ৰৰ ড্ৰাগছ সৰবৰাহ । গুৱাহাটীৰ গাড়ীগাঁৱৰ পৰা বৰপেটালৈ ড্ৰাগছ সৰবৰাহ কৰি আহি থকা অৱস্থাত ভেল্লাত ড্ৰাগছসহ মাতৃ-পুত্ৰ আৰক্ষীৰ জালত ।

গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে আহি থকা অৱস্থাত গোপন সূত্ৰৰ পম খেদি বৰপেটা সদৰ থানাৰ অ'চি ৰঞ্জন দলেৰ নেতৃত্বত অসামৰিক পোচাকত থকা আৰক্ষীৰ জোৱানে বৰপেটাৰ সমীপৰ ভেল্লাৰ পৰা আটক কৰে মাতৃ পুত্ৰক ।

আৰক্ষীৰ জালত পৰা যুৱকজন গুৱাহাটীৰ গাড়ীগাঁৱৰ মকবুল আলী (৩০)।
মকবুল আলীৰ জিম্মাৰ পৰা আৰক্ষীয়ে ১৪. ৯৯ গ্ৰাম ব্ৰাউন চুগাৰৰ এটা টোপোলা আৰু কন্টেইনাৰত থকা ৬ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে।
যুৱকজনে মাতৃক লৈ AR-02B-4220 নম্বৰৰ চাৰিচকীয়া বাহন এখনেৰে বৰপেটালৈ আহি থকা অৱস্থাত ভেল্লাৰ দ্বৰ্গাহপুৰত অসামৰিক পোচাকত থকা আৰক্ষীয়ে দুয়োকে আটক কৰে । অৱশ্যে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী মকবুল আলীক গ্ৰেপ্তাৰ কৰিছে যদিও মাতৃক মুকলি কৰি দিয়া সম্পৰ্কে এতিয়ালৈকে কোনো কথা জনোৱা নাই সাংবাদিকক ৷

ইপিনে বৰপেটা আৰক্ষীয়ে বৰপেটাৰ জেইল ৰোডত আন এটা অভিযান চলাই এটা ড্ৰাগছ সেৱনকাৰী ১৫ বছৰীয়া কিশোৰক আটক কৰে ৷ আটকাধীন ড্ৰাগছ আসক্ত কিশোৰটোৰ পৰা তিনিটা ড্ৰাগছৰ কন্টেইনাৰ জব্দ কৰিছে আৰক্ষীয়ে ৷
Published by:Kokil Sarma
First published: