
বিশ্বনাথ চাৰিআলিত (Biswanath Chariali) শুক্ৰবাৰে নিশা পুনৰ এনকাউন্টাৰৰ (Encounter) ঘটনা ৷ নিশা ১.৩০ বজাত আৰক্ষীৰ গুলীত গুলিবিদ্ধ হৈছে ফকিৰ আলী নামৰ ড্ৰাগছ পেডলাৰ ৷ ভৰিত গুলী লাগিছে ফকিৰ আলীৰ ৷
বিশ্বনাথ চাৰিআলিত (Biswanath Chariali) শুক্ৰবাৰে নিশা পুনৰ এনকাউন্টাৰৰ (Encounter) ঘটনা ৷ নিশা ১.৩০ বজাত আৰক্ষীৰ গুলীত গুলিবিদ্ধ হৈছে ফকিৰ আলী নামৰ ড্ৰাগছ পেডলাৰ ৷ ভৰিত গুলী লাগিছে ফকিৰ আলীৰ ৷
বিশ্বনাথ চাৰিআলিত (Biswanath Chariali) শুক্ৰবাৰে নিশা পুনৰ এনকাউন্টাৰৰ (Encounter) ঘটনা সংঘটিত হৈছে ৷ ড্ৰাগছ পেডলাৰক এনকাউন্টাৰ কৰিলে আৰক্ষীয়ে ৷ নিশা ১.৩০ বজাত আৰক্ষীৰ গুলীত গুলিবিদ্ধ হৈছে ফকিৰ আলী নামৰ ড্ৰাগছ পেডলাৰ ৷ ভৰিত গুলী লাগিছে ফকিৰ আলীৰ ৷
ফকিৰ আলীৰ ঘৰ দৰং জিলাৰ দলগাঁৱত ৷ ইতিমধ্যে তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে ফকিৰ আলীক ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওতে সংঘটিত হৈছে এই ঘটনা ৷ উল্লেখ্য যে বিশ্বনাথত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিশ্বনাথ আৰক্ষীয়ে । বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা, উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা আৰু বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ৰ নেতৃত্বত যোৱা এক আৰক্ষীৰ অভিযানকাৰী দলে গোপন সূত্ৰৰ পম খেদি শুক্ৰবাৰে বিয়লি ৩ বজাত বিশ্বনাথ চাৰিআলিস্থিত অসম ৰাজ্যিক পৰিবহন নিগমৰ চৌহদত ড্ৰাগছ সহ দৰং জিলাৰ দলগাৱৰ ফকিৰ আলী আৰু মংগলদৈৰ ইনামুল হকক গ্ৰেপ্তাৰ কৰিছিল ৷ ধৃত দুয়োগৰাকীৰ পৰা লগতে জব্দ কৰিছিল ১৬ টা কন্টেইনাৰত ১৮২ গ্ৰাম ব্ৰাউন চুগাৰ আৰু নগদ ১.৫৯ লাখ টকা ৷ i20 গাড়ী লৈ আহিছিল ড্ৰাগছ সৰবৰাহকাৰী এই দলটো ৷ আৰক্ষীয়ে তিনিটা মোবাইল ফোন আৰু বিভিন্ন নথিপত্ৰ উদ্ধাৰ কৰাৰ লগতে আই টুৱেন্টি গাড়ীখনো (এ এছ ০৭ এম ৮৯২২) জব্দ কৰিছে৷ ব্যক্তি দুজনক ৰাজ্যিক পৰিবহন নিগমৰ চৌহদৰ হোটেলত ভাত খাই থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলায় কৰায়ত্ত কৰে । আৰক্ষীয়ে ফকিৰ আৰু ইনামূলক জিম্মাত ৰাখি জেৰা চলাই ড্ৰাগছৰ ঘাটি বিচাৰি নিশা যাওতেই সংঘটিত হৈছে এই এনকাউন্টাৰৰ ঘটনা ৷ পলায়নৰ চেষ্টা চলাওতেই আৰক্ষীয়ে ভৰিত গুলীয়াই আহত কৰে ফকিৰ আলীক ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|