
চাবোনৰ কেছত লুকুৱাই থোৱা ব্ৰাউন ছুগাৰ খিনিৰ মূল্য প্ৰায় তিনি লাখ টকা। গ্ৰেপ্তাৰ ছফিকুল ইছলাম আৰু হাছিনা য়াছমিন নামৰ এহাল স্বামী-স্ত্ৰী।
চাবোনৰ কেছত লুকুৱাই থোৱা ব্ৰাউন ছুগাৰ খিনিৰ মূল্য প্ৰায় তিনি লাখ টকা। গ্ৰেপ্তাৰ ছফিকুল ইছলাম আৰু হাছিনা য়াছমিন নামৰ এহাল স্বামী-স্ত্ৰী।
দীৰ্ঘদিনে নগাঁৱ (Nagaon)ত মাৰাত্মক ড্ৰাগছৰ বেহা চলাই থকা এহাল স্বামী-স্ত্ৰীক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। নগাঁও চহৰৰ সমীপৱৰ্তী কাটিমাৰীত দেওবাৰে নিশা নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা এণ্টি নাৰ্কটিক স্কোৱাড আৰু ৰাইডাৰ স্কোৱাডে অভিযান চলাই ছফিকুল ইছলাম আৰু হাছিনা য়াছমিন নামৰ এহাল স্বামী-স্ত্ৰীৰ পৰা লক্ষাধিক টকাৰ ব্ৰাউন ছুগাৰ (Brown Sugar) জব্দ কৰিছে।
নিজ গৃহত চাবোনৰ কেছত লুকুৱাই থোৱা ব্ৰাউন ছুগাৰ খিনিৰ মূল্য প্ৰায় তিনি লাখ টকা। জানিব পৰা মতে, ছফিকুল আৰু য়াছমিনে অঞ্চলটোত দীৰ্ঘদিনে ড্ৰাগছৰ বেহা চলাই আছিল। ইয়াৰ উপৰিও ছফিকুল আৰু য়াছমিন বিভিন্ন অনৈতিক কাৰ্য-কলাপৰ লগতো জড়িত আছিল। বৰ্তমান নগাঁও আৰক্ষীয়ে দুয়োকে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|