এই সকলোবোৰ তথ্যৰ ভিত্তিত মহানগৰ ক্ৰাইম ব্ৰাঞ্চে কেইবাদিনো বাহৰ পাতি থকাৰ অন্তত শুকুৰবাৰে দিল্লীৰ পৰা বিশাল চৌধৰীক গ্ৰেপ্তাৰ কৰিব সক্ষম হয়। গ্ৰেপ্তাৰ কৰিয়েই বিশালক লৈ অনা হয় গুৱাহাটীলৈ ৷ বিশালৰ গ্ৰেপ্তাৰৰ পিছতে গুৱাহাটীৰ তথাকথিত সভ্য সমাজৰ অন্ধকাৰ জগতখনৰ বহু অকথিত কাহিনী উন্মোচিত হোৱাৰ সম্ভাৱনা আছে।
এই মুহূৰ্তত প্ৰশ্ন হৈছে কোন কোন সম্ভান্ত্ৰ ঘৰৰ লোকক কোকেইন যোগান ধৰে বিশালে ? অসমলৈ কোকেইন যোগান ধৰাত বিশালক কোনে সহায় কৰে? এই সকলোবোৰ তথ্য বিচাৰি সম্প্ৰতf লতাশীল থানাত জেৰা অব্যাহত আছে বিশাল চৌধৰীৰ ৷
কেনেকৈ জালত পৰিল গুৱাহাটীৰ ৰেভ পাৰ্টীৰ মূল হোতা আৰু কোকেইন চক্ৰৰ মাষ্টাৰ মাইণ্ড বিশাল