নগাঁও জিলাৰ ৰহাৰ চাপৰমুখ ৰে'ল ষ্টেচনত শুক্ৰবাৰে নিশা ৰে'লৱে সুৰক্ষা বাহিনীয়ে ব্ৰাউনচুগাৰসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। জব্দ কৰা ব্ৰাউনচুগাৰখিনিৰ ওজন প্ৰায় ৩০ গ্ৰাম আৰু ইয়াৰ মূল্য প্ৰায় পাঁচ লাখ টকা।

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ কঠোৰ স্থিতিৰ স্বত্বেও ৰাজ্যত অব্যাহত আছে ড্ৰাগছ সৰবৰাহ। নগাঁও জিলাৰ ৰহাৰ চাপৰমুখ ৰে'ল ষ্টেচনত শুক্ৰবাৰে নিশা ৰে'লৱে সুৰক্ষা বাহিনীয়ে ব্ৰাউনচুগাৰসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
চাপৰমুখ ৰে'লৱে সুৰক্ষা বাহিনীয়ে আটক কৰা সৰবৰাহকাৰীটোৰ নাম ছফিকুৰ ৰহমান। ৰে'লৱে সুৰক্ষা বাহিনীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা দুই পেকেট ব্ৰাউনচুগাৰ জব্দ কৰে। ৰে'লৱে সুৰক্ষা বাহিনীয়ে জানিব দিয়া মতে ডিমাপুৰৰ পৰা ড্ৰাগছখিনি লৈ ৰে'লত আহি আছিল ছফিকুৰ আৰু গোপন সুত্ৰৰ খবৰ লাভ কৰি চাপৰমুখ ষ্টেচনত নামোতেই ৰে'লৱে সুৰক্ষা বাহিনীয়ে আটক কৰে ছফিকুৰক। জব্দ কৰা ব্ৰাউনচুগাৰখিনিৰ ওজন প্ৰায় ৩০ গ্ৰাম আৰু ইয়াৰ মূল্য প্ৰায় পাঁচ লাখ টকা। ধৃত ছফিকুৰৰ ঘৰ ৰহাৰ কচুৱা থানাৰ অন্তৰ্গত লুটুমাৰীত বুলি জানিব পৰা গৈছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|