অসম আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানৰ পিছতে মাৰাত্মক ড্ৰাগছে অসমৰ নৱপ্ৰজন্মক কিদৰে গ্ৰাস কৰি আনিছিল, তাৰ প্ৰমাণ প্ৰতিদিনৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা ঘটনাসমূহে দি আছে। আৰক্ষীৰ সমান্তৰালকৈ এইবাৰ ৰাইজেও এইক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱা দেখা গৈছে। এনে এক খবৰ আহিছে মৰিয়নিৰ পৰা। মৰিয়নিৰ আৰক্ষী থানাৰ অন্তৰ্গত মৰিয়নি নগৰ তথা সমীপৱৰ্তী অঞ্চলসমূহত দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ প্ৰচলন হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল।
এনে অৱস্থাত মঙলবাৰে পুৱা মৰিয়নি পুখুৰীয়া গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰ চৌহদত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাতে স্থানীয় ৰাইজে তিনি কিশোৰক হাতে–লোটে কৰায়ত্ত কৰে। স্থানীয় ৰাইজে তিনি কিশোৰক আবদ্ধ কৰি পিছত মৰিয়নি আৰক্ষীক চমজাই দিয়ে। কিশোৰ তিনিজনক আৰক্ষীয়ে তালাচী চলাই দুটা লাইটাৰ এটা চিগাৰেটৰ পেকেট আৰু এটা খালী প্লাষ্টিকৰ টেমা উদ্ধাৰ কৰে। কিশোৰ কেইকেইজন মৰিয়নি নিউ সোণোৱাল আৰু ডকলংগীয়া তিনি আলিৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে কিশোৰ তিনিজনক বৰ্তমান সোধা-পোছা অব্যাহত ৰাখিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|