ড্ৰাগছৰ ব্যৱসায় এতিয়া বাটে–ঘাটে। সহজে টকা ঘটাৰ লোভ সামৰিব নোৱাৰি এতিয়া এই ব্যৱসায়ত নামি পৰিছে খোদ গৃহৰক্ষী জোৱানো।
আজি লামডিঙত ড্ৰাগছসহ গ্ৰেপ্তাৰ হয় গৃহৰক্ষী জোৱান। লামডিং জি আৰ পিত কৰ্মৰত আছিল ধৃত গৃহৰক্ষী জোৱানজন।
ধৃত গৃহৰক্ষী জোৱানজনৰ নাম পদুম দাস বুলি জানিব পৰা হৈছে। লামডিঙৰ ইটাভাটা চাৰিআলিত ৰাইজে জোৱানজনক কৰায়ত্ত কৰি গতাই দিয়ে আৰক্ষীক।
Published by: Gautam Barman
FIRST PUBLISHED : June 03, 2022, 04:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|