মঠঘৰীয়াৰ বড়ো চকৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰী আটক।কেইবাটাো ড্ৰাগছৰ খালি কনটেইনাৰ আৰু নগদ ১ লাখ ৬ হাজাৰ টকা জব্দ।
মঠঘৰীয়াৰ বড়ো চকৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰী আটক।কেইবাটাো ড্ৰাগছৰ খালি কনটেইনাৰ আৰু নগদ ১ লাখ ৬ হাজাৰ টকা জব্দ।
ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। মহানগৰীতো বিগত কেইদিনত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে বুজন পৰিমাণৰ ড্ৰাগছ সহ কেইবালক্ষাধিক নগদ ধন। গ্ৰেপ্তাৰকৰা হৈছে কেইবাজনো লোকৰ লগতে আপত্তিজনক নথি-পত্ৰ।
বুধবাৰে মহানগৰীৰ নুনমাটি আৰক্ষীৰ সহযোগত ক্ৰাইম ব্ৰান্সে( crime branch) 2 নং মঠঘৰীয়াৰ বড়ো চকৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ নাম অশোক কুমাৰ দাস। ধৃত সৰবৰাহকাৰী জনৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছৰ লগতে কেইবাটাও ড্ৰাগছৰ খালি কনটেইনাৰ আৰু নগদ এক লাখ ছয় হাজাৰ টকা জব্দ কৰে। সৰবৰাহকাৰী জনৰ পৰা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা AS 01 DB 7497 নম্বৰৰ এখন স্কুতি জব্দ কৰিছে।
ইয়াৰ পিছতে ধৃত লোকজনক ক্ৰাইম ব্ৰান্সে শোধ পোছ অব্যাহত ৰখাৰ সমান্তৰালকৈ এই চক্ৰতোৰ লগত জড়িত সকলোকে কৰায়ও কৰাৰ বাবে ব্য়াপক অভিযানত নামি পৰিছে। উল্লেখ্য যে, ড্ৰাগছ সৰবৰাহকাৰী এই চক্ৰতো আন্তৰ্জাতিক ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত থকাৰ সন্দেহ কৰিছে ক্ৰাইম ব্ৰান্সে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|