দীৰ্ঘদিনে নগাঁৱত ড্ৰাগছৰ বেহা চলোৱা এটা দম্পতীক সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। নগাঁও চহৰৰ চকীটুপত হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে ড্ৰাগছসহ (Drug Peddlers Arrest) গ্ৰেপ্তাৰ কৰিছে স্বামী-স্ত্ৰীক।
জানিব পৰা মতে, চকীটুপৰ ফাচীৰোডৰ জয়নাল উদ্দিনৰ ঘৰত অভিযান চলায় ৪০টা হেৰ'ইনভৰ্তি কণ্টেইনাৰ, ১২টা কফছিৰাপ আৰু ৫০বাণ্ডিল নিচাজাতীয় টেবলেট উদ্ধাৰ কৰিছে।
আৰক্ষীয়ে জয়নাল উদ্দিনৰ ঘৰৰ পৰা নগদ ৬ হাজাৰ ৮০ টকাও জব্দ কৰিছে। উল্লেখযোগ্য যে ড্ৰাগছৰ বেহা চলোৱাৰ বাবেই আৰক্ষীয়ে জয়নালৰ লগতে পত্নী ৰছিদা খাতুনকো গ্ৰেপ্তাৰ কৰিছে।
ইপিনে সোমবাৰে সন্ধ্যা চিআৰপিএফৰ ৩৪নং বেটেলিয়নৰ সহযোগত নগাঁও সদৰ আৰক্ষীয়ে (Nagaon Police) অভিযান চলাই জামালউদ্দিন নামৰ এটা ড্ৰাগছ মাফিয়াক আটক কৰিছে। কাটিমাৰী চিআৰপিএফ কেম্পৰ সমীপতে ড্ৰাগছৰ বেহা চলোৱা জামালউদ্দিনৰ পৰা আৰক্ষীয়ে ৭টা হেৰ'ইন ভৰ্তি কণ্টেইনাৰো জব্দ কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|