• Home
  • »
  • News
  • »
  • crime
  • »
  • Father Sold Son : অমানৱীয় ভয়ংকৰ ঘটনা! ড্ৰাগছৰ বাবেই ৪০ হাজাৰ টকাত বিক্ৰী আঢ়ৈ বছৰীয়া পুত্ৰক

Father Sold Son : অমানৱীয় ভয়ংকৰ ঘটনা! ড্ৰাগছৰ বাবেই ৪০ হাজাৰ টকাত বিক্ৰী আঢ়ৈ বছৰীয়া পুত্ৰক

আধাৰ কাৰ্ড প্ৰস্তুত কৰিবলৈ বুলি ফাকি কথাৰে ফুচুলাই আমিনুল ইছলামে আঢ়ৈ বছৰীয়া পুত্ৰক এগৰাকী মহিলাক ৪০ হাজাৰ টকাত বিক্ৰী কৰি দয়ে  ৷

আধাৰ কাৰ্ড প্ৰস্তুত কৰিবলৈ বুলি ফাকি কথাৰে ফুচুলাই আমিনুল ইছলামে আঢ়ৈ বছৰীয়া পুত্ৰক এগৰাকী মহিলাক ৪০ হাজাৰ টকাত বিক্ৰী কৰি দয়ে ৷

আধাৰ কাৰ্ড প্ৰস্তুত কৰিবলৈ বুলি ফাকি কথাৰে ফুচুলাই আমিনুল ইছলামে আঢ়ৈ বছৰীয়া পুত্ৰক এগৰাকী মহিলাক ৪০ হাজাৰ টকাত বিক্ৰী কৰি দয়ে ৷

  • Share this:
সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাওঁ জিলাতো অব্যাহত আছে ড্ৰাগছৰ অবৈধ বেহা। জিলাখনৰ গ্ৰামাঞ্চললৈ ভয়ংকৰভাবে শিপাইছে এই মাৰাত্মক ব্যাধি ৷ ড্ৰাগছৰ বাবেই বহু নকৰিবলগীয়া কাম কৰিবলৈ ধৰিছে জিলাখনৰ একাংশ ড্ৰাগছ আসক্ত লোকে ৷ শেহতীয়াকৈ মৰিগাঁৱৰ লাহৰীঘাটত পোহৰলৈ আহিছে এনে এক অমানৱীয় ভয়ংকৰ ঘটনা ৷

কেৱল ড্ৰাগছ কিনিবৰ বাবেই নিজৰ আঢ়ৈ বছৰীয়া পুত্ৰক বিক্ৰী কৰিলে লহৰীঘাটৰ আমিনুল ইছলাম নামৰ এজন পাষাণ পিতৃয়ে ৷ লাহৰীঘাটৰ বৰবৰীৰ আমিনুল ইছলামে ড্ৰাগছ কিনিবৰ বাবে গৰৈমাৰীৰ এগৰাকী মহিলাক ৪০ হাজাৰ টকাত বিক্ৰী কৰে নিজ পুত্ৰক ৷

পাৰিবাৰিক মতানক্যৰ বাবে আমিনুলৰ পত্নী নিজ সন্তানৰ সৈতে পিতৃ গৃহত থাকে।  আধাৰ কাৰ্ড প্ৰস্তুত কৰিবলৈ বুলি  ফাকি কথাৰে ফুচুলাই আমিনুল ইছলামে লৈ আহে আঢ়ৈ বছৰীয়া শিশুটিক ৷ কিন্তু কেইবাদিন উকলি যোৱাৰ পিছতো শিশুটিক ঘুৰাই নিদিয়াত চিন্তিত হৈ পৰে শিশুটিৰ মাতৃৰ লগতে মাতৃগৃহৰ পৰিয়াল ৷ শিশুটিক বিচাৰি পত্নীয়ে আমিনুলক ফোন কৰে যদিও আধাৰ কাৰ্ড প্ৰস্তুত নোহোৱাৰ বাবে শিশুটিক লগত ৰখা বুলি অৱগত কৰে পত্নীক আৰু সেই নিশাই গৰৈমাৰীৰ এগৰাকী মহিলাক ৪০ হাজাৰ টকাত বিক্ৰী কৰি দয়ে নিজ পুত্ৰক ৷

এই সন্দৰ্ভত আমিনুলৰ পত্নীয়ে লাহৰীঘাট আৰক্ষী থানাত ৰুজু কৰিছে এক গোচৰ ৷ ড্ৰাগছৰ ব্যৱসায় আৰু ড্ৰাগছ সেৱনৰ বাবেই নিজ পুত্ৰক বিক্ৰী কৰা বুলি পিতৃৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে শিশুটিৰ মাতৃয়ে ৷ পৰৱৰ্তী সময়ত স্থানীয় লোক আৰু আৰক্ষীৰ সহযোগত শিশুটিক উদ্ধাৰ কৰি চমজাই দিয়া হয় মাতৃগৰাকীক ৷ লাহৰীঘাট আৰক্ষীয়ে ইতিমধ্যে পাষাণ পিতৃ আমিনুল ইছলামৰ লগতে শিশুটুক কিনি লেৱা মহিলাগৰাকীক আটক কৰিছে ৷ উল্লেখ্য যে আটকাধিন মহিলাগৰাকীৰ বিৰুদ্ধেও উত্থাপিত হৈছে ড্ৰাগছৰ ব্যৱসায় আৰু অনৈতিক কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ ৷
Published by:Manjumoni Borah
First published: