বাক্সা জিলাৰ বৰপেটৰোডৰ সমীপৰ বাৰাপেটাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ যোৱা নিশা এখন বাহনেৰে বাৰাপেটাৰ নিজ গৃহাভিমুখে গৈ থকা সময়ত বাহনখনৰ চালকক উদণ্ড যুৱকৰ দল এটাই মৰিয়াই মৰিয়াই মুমূৰ্ষুু অৱস্থাত পেলাই থয়৷ আনকি উদণ্ড যুৱকৰ দলটিয়ে চালকজনক চোকা অস্ত্ৰৰে আঘাত কৰি প্ৰাণনাশ কৰাৰো চেষ্টা চলায় ৷
উগ্ৰ প্ৰকৃতিৰ উদণ্ড যুৱকৰ দলটিয়ে বাহনখনো ভাঙি ক্ষতি কৰে। বাহনখনৰ চালকজনৰ নাম আবুল খান বুলি জানিব পৰা গৈছে ৷ চালকজনক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ৷
বাক্সাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অধীনস্থ লাব্দাংগুৰি আৰক্ষী পহৰা চকীৰ বাৰাপেটা হাতীদল ব্লকত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ৷ বাৰাপেটা গাঁৱৰ বাসিন্দা তথা বাহনখনৰ চালক আবুল খানে বৰপেটাৰোডৰ খৈৰাবাৰীৰ অশোক কুমাৰ পালৰ AS 16D 8602 নম্বৰৰ বলেৰ’ বাহনৰ চালক আছিল ৷
বাহনখন টাৱাৰ কোম্পানীক ভাৰা হিচাপত অৰ্পণ কৰা আছিল। গোৱালপাৰাত টাৱাৰৰ কাম চলি থকা হেতুকে যোৱা নিশা গোৱালপাৰাৰ পৰা আহি বাৰাপেটাৰ নিজ গৃহাভিমুখে গৈ থকা সময়ত বাৰাপেটাৰ হাতীদল ব্লকত উদণ্ড যুৱকৰ দল এটাই বাহনখনক ৰখাবলৈ নিৰ্দেশ দিয়ে ৷
সেইমৰ্মে চালক আবুল খানে বাহনখন ৰখাই দিয়াত চালকজনক বাহনৰ পৰা নমাই উপৰ্যুপৰি প্ৰহাৰ কৰাৰ লগতে চোকা অস্ত্ৰৰে আঘাত কৰি প্ৰাণনাশৰ চেষ্টা কৰে ৷ তদুপৰি চালকজনৰ লগত থকা মুঠ বাৰ হাজাৰ টকা আৰু মোবাইল ফোনটো কাঢ়ি লৈ যায় ৷
আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত উদণ্ড যুৱকৰ দল দীপক দাস, কনক দাস, প্ৰণৱ দাস, কমলেশ্বৰ দাস, অশোক চৌধুৰী, পীতাম্বৰ ৰাজভৰ, মৃণাল দাস, পংকজ দাস, বৰুণ দাসসহ কেইবাজনো যুৱকৰ বিৰুদ্ধে ইতিমধ্যে বলেৰ’ বাহনৰ গৰাকী অশোক কুমাৰ পালে লাব্দাংগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।