জনপ্ৰিয় ৰেপাৰ য়ো য়ো হানী সিঙ (Yo Yo Honey Singh)ৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ গোচৰ দিছে পত্নী শালিনী তলৱাৰে (Shalini Talwa)। দিল্লীৰ তিছ হাজাৰি আদালতত ঘৰুৱা হিংসা (Domestic Violence)ৰ গোচৰ তৰিছে শালিনী তলৱাৰে। শালিনীয়ে পতি হানী সিঙৰ ওপৰত শাৰীৰিক, মানসিক আৰু যৌন নিৰ্যাতনৰ অভিযোগ তুলিছে।
মহিলাৰ গাৰ্হস্থ্য হিংসাৰ পৰি সুৰক্ষা আইন(‘Protection of Women from Domestic Violence Act)ৰ অধীনত আজি হানী সিঙৰ বিৰুদ্ধে আদালতত গোচৰ তৰে শালিনী তলৱাৰে। আদালতে অহা ২৮ আগষ্টাৰ ভিতৰত এই সন্দৰ্ভত উত্তৰ দিবলৈ নিৰ্দেশ দিছে হানী সিঙক।
হানী সিঙৰ বিৰুদ্ধে বিত্তীয় নিৰ্যাতনৰো অভিযোগ কৰিছে শালিনী তলৱাৰে।
২০১১ চনত হানী সিং আৰু শালিনীৰ বিয়া হৈছিল। শালিনী তলৱাৰ নিজে এগৰাকী অভিনেত্ৰী আৰু মডেল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|