চিকিৎসক নভনীল বৰুৱাই ৰাজকন্যা বৰুৱাক ICUত ৰখাৰ অভিযোগো নস্যাৎ কৰিছে। নভনীল বৰুৱাই কয়, "পূৰ্বে মোৰ কোনো চিনাকি নাছিল ৰাজকন্যাৰ সৈতে, আনকি ৰাজকন্যাক ICUত মই ৰখা নাছিলোঁ।"
চিকিৎসক নভনীল বৰুৱাই ৰাজকন্যা বৰুৱাক ICUত ৰখাৰ অভিযোগো নস্যাৎ কৰিছে। নভনীল বৰুৱাই কয়, "পূৰ্বে মোৰ কোনো চিনাকি নাছিল ৰাজকন্যাৰ সৈতে, আনকি ৰাজকন্যাক ICUত মই ৰখা নাছিলোঁ।"
গুৱাহাটীৰ হিট এণ্ড ৰাণ গোচৰত এইবাৰ আৰক্ষয়ে সোধা-পোছা কৰিছে গুৱাহাটীৰ প্ৰতিষ্ঠিত চিকিৎসক নভনীল বৰুৱা (Dr Navanil Baruah)ক। আজি দিছপুৰ থানাত হাজিৰ হয় প্ৰখ্যাত চিকিৎসকগৰাকী। GNRCৰ চিকিৎসকগৰাকীৰ বিৰুদ্ধে ৰাজকন্যা বৰুৱা (Rajkanya Baruah)ক অনৈতিকভাৱে সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপিত হৈছিল।
কিন্তু নিজৰ বিৰুদ্ধে উত্থআপিত সকলো অভিযোগ খণ্ডন কৰিছে চিকিৎসক নভনীল বৰুৱাই। সাংবাদিকৰ আগত তেওঁ কয়, "মই কাকো নিৰাপত্তা দিয়া নাই। মই একো ভুল কৰা নাই।"
ইমানেই নহয় ৰাজকন্যা বৰুৱাক চিনি নাপাও বুলিও কৈছে চিকিৎসক নভনীল বৰুৱাই। আনকি তেওঁ ৰাজকন্যাক ICUত ৰখাৰ অভিযোগো নস্যাৎ কৰিছে। নভনীল বৰুৱাই কয়, "পূৰ্বে মোৰ কোনো চিনাকি নাছিল ৰাজকন্যাৰ সৈতে, আনকি ৰাজকন্যাক ICUত মই ৰখা নাছিলোঁ।"
উল্লেখ্য যে ভয়ংকৰ দুৰ্ঘটনাটোৰ পিছতে জামিনত মুকলি হৈ যোৱা ৰাজকন্যা বৰুৱাই লগে লগে অসুস্থতাৰ দোহাই দি GNRC হাস্পতালৰ ICUত ভৰ্তি আছিল। অভিযোগ মতে ICUত থকাৰ সকলো ব্যৱস্থা কৰি দিছিল GNRCৰ চিকিৎসক নভনীল বৰুৱাই। পাছত চৰকাৰে গঠন কৰি দিয়া মেডিকেল বোৰ্ডে ৰাজকন্যাৰ ICUত ভৰ্তি হ'বলগা তেনে কোনো অসুস্থতা নাপালে। তাৰ পিছতে ৰাজকন্যাক GNRCৰ পৰাই পুনৰ গ্ৰেপ্তাৰ কৰা হয়। এই সমগ্ৰ প্ৰক্ৰিয়াত নভনীল বৰুৱাই সহয়োদ কৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু আৰক্ষীয়ে তেওঁক থানাত হাজিৰ হ'বলৈ চমন জাৰি কৰিছিল।
দিশপুৰ GNRC হাস্পতালৰ অধীক্ষক সুব্ৰত ভাগৱতীও থানাত উপস্থিত হয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|