• Home
  • »
  • News
  • »
  • crime
  • »
  • Human Trafficking: ৰাজ্যত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ ! ডবকাত দুই মহিলাই এগৰাকী কিশোৰীক বহিঃৰাজ্যত বিক্ৰীৰ পৰিকল্পনা কৰোতেই জালত পৰিল আৰক্ষীৰ...

Human Trafficking: ৰাজ্যত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ ! ডবকাত দুই মহিলাই এগৰাকী কিশোৰীক বহিঃৰাজ্যত বিক্ৰীৰ পৰিকল্পনা কৰোতেই জালত পৰিল আৰক্ষীৰ...

Human Trafficking: ৰাজ্যত এতিয়াও সক্ৰিয় হৈ আছে নাৰী সৰবৰাহকাৰী চক্ৰ ৷ ডবকা আৰক্ষীয়ে হালধীআটী বে' গাৱত অভিযান চলায় নাৰী সৰবকাহকাৰী চক্ৰৰ দুগৰাকীকৈ সদস্যক গ্ৰেপ্তাৰ কৰে ৷

  • Share this:
Human Trafficking: ৰাজ্যত এতিয়াও সক্ৰিয় হৈ আছে নাৰী সৰবৰাহকাৰী চক্ৰ ৷ ডবকা আৰক্ষীয়ে হালধীআটী বে' গাৱত অভিযান চলায় নাৰী সৰবকাহকাৰী চক্ৰৰ দুগৰাকীকৈ সদস্যক গ্ৰেপ্তাৰ কৰে ৷

অভিযোগ অনুসৰি যোৱা যোৱা ৪ ছেপ্তেম্বৰত পূৰ্ব পৰিকল্পনা অনুসৰি একে গাঁৱৰে এগৰাকী কিশোৰীক দুই মহিলাই কৌশলেৰে নিচা জাতীয় দ্ৰব্য সেৱন কৰাই মৰিগাওঁ জিলাৰ লাহৰিঘাটৰ এঘৰ লোকৰ ঘৰলৈ লৈ গৈছিল ৷ ইয়াৰে এগৰাকী মহিলাৰ ককায়েক কেৰালাত থাকে ৷ সেইমৰ্মে দুদিন পাছত ডবকাৰ পৰা অপহৰণ কৰি নিয়া কিশোৰীগৰাকীক কেৰালালৈ নিয়াৰ পৰিকল্পনা ৷ ইয়াৰ মাজতে দেওবাৰে কিশোৰী গৰাকী অতি কৌশলেৰে তাৰ পৰা পলায়ন কৰে আৰু ডবকাত উপস্থিত হয় ৷ ইফালে কিশোৰীগৰাকী তাৰ পৰা পলায়ন কৰা খবৰ পাই দুই মহিলাই ডবকাত খাপ পিটি থাকে আৰু গাড়ীৰ পৰা নামোতেই কিশোৰী গৰাকীক দেখা পায় টনা আজোৰা কৰাৰ লগতে এই সন্দৰ্ভত কাকো একো নকবলৈ ভয় ভাবুকি প্ৰদান কৰে ৷ পাছত কিশোৰী গৰাকী পৰিয়ালৰ লোকৰ সহযোগত নিজ গৃহ পায় ৷ মঙলবাৰে কিশোৰী গৰাকী স্বাভাৱিক অৱস্থালৈ অহাৰ পাছত সমগ্ৰ কথা নিজ পিতৃ মাতৃক বিৱৰি কয় ৷ পিছত কিশোৰী গৰাকীৰ পিতৃয়ে এই সন্দৰ্ভত ডবকা আৰক্ষী থানাত এটি গোচৰ তৰে ৷ ডবকা আৰক্ষীয়ে পিতৃৰ গোচৰৰ ভিত্তিত কালি অভিযান চলায় দুই নাৰী সৰবৰাহকাৰী  ননদ, বৌয়েকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷ পূৰ্বেও এই চক্ৰটোৱে বহু কিশোৰী বোৱাৰীক অপহৰণ কৰি নি বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ আছে ৷ এই চক্ৰটোৰ মূল নায়ক গুলজাৰ হুছেইন সম্প্ৰতি কেৰেলাত আছে বুলি জানিব পৰা গৈছে ৷ গুলজাৰক আটক কৰিবলৈ আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৷
Published by:Kokil Sarma
First published: