মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Viral Video : ২০০০ টকা উৎকোচ লোৱা ভিডিঅ' ভাইৰেল, ASI আৰু মধ্যেভোগী মিথুনক আটক

Viral Video : ২০০০ টকা উৎকোচ লোৱা ভিডিঅ' ভাইৰেল, ASI আৰু মধ্যেভোগী মিথুনক আটক

Viral Video : সমগ্ৰ বিষয়টোৰ তদন্ত কৰি নিশাই ASI হৰিকমল দাস আৰু ধন দিয়া মিথুন চক্ৰৱৰ্তীক আটক কৰি সোধা-পোছা অৱ্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Viral Video : সমগ্ৰ বিষয়টোৰ তদন্ত কৰি নিশাই ASI হৰিকমল দাস আৰু ধন দিয়া মিথুন চক্ৰৱৰ্তীক আটক কৰি সোধা-পোছা অৱ্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Viral Video : সমগ্ৰ বিষয়টোৰ তদন্ত কৰি নিশাই ASI হৰিকমল দাস আৰু ধন দিয়া মিথুন চক্ৰৱৰ্তীক আটক কৰি সোধা-পোছা অৱ্যাহত ৰাখিছে আৰক্ষীয়ে ৷

  • Share this:
ডবকা আৰক্ষী থানাৰ ASI হৰিকমল দাসে থানাত মুকলি কৈ লোৱা ধনৰ ভাইৰেল ভিডিঅ' (Viral Video) সন্দৰ্ভত সংবাদ মাধ্যম যোগে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই হোজাই জিলা আৰক্ষীত সৃষ্টি হৈছে তীব্ৰ ধুমুহাৰ। ২০০০ টকা উৎকোচ (Bribe) লৈ ডবকাত আৰক্ষীৰ জালত পৰিল খোদ আৰক্ষী। আটক হ'ল মধ্যেভোগী মিথুন।

উৎকোচ লোৱা ডবকা থানাৰ ASI হৰিকমল দাসক নিলম্বন কৰিলে হোজাই আৰক্ষীয়ে। ASI দাসক ৰিজাৰ্ভ ক্ল'জ কৰিছে হোজাই জিলা আৰক্ষী অধীক্ষক (Hojai SP) বৰুণ পুৰকায়স্থই ৷ একেসময়তে উৎকোচৰ দিয়া-লোৱা কাণ্ডৰ দালালি কৰা মিথুন চক্ৰৱৰ্তীক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ লগতে এই সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে হোজাই জিলা আৰক্ষী অধীক্ষকে ৷

হোজাই জিলা আৰক্ষী প্ৰশাসনৰ উচ্ছ পদস্থ বিষয়াসকল ডবকা আৰক্ষী থানাত  নিশাই উপস্থিত হৈ ভিডিঅ' নিৰীক্ষণ কৰিছিল ৷ সমগ্ৰ বিষয়টোৰ তদন্ত কৰি যোৱা নিশাই ASI হৰিকমল দাস আৰু ধন দিয়া মিথুন চক্ৰৱৰ্তী (Mithun Chakraborty)ক আটক কৰি সোধা-পোছা অৱ্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ভাইৰেল ভিডিঅ'ত স্পষ্টকৈ উল্লেখ আছে সোণৰ গহনা বিক্ৰী কৰি ধন দিয়াৰ কথা ৷ কিছুদিন পুৰ্বে ই-ৰিক্সা দুৰ্ঘটনা হৈছিল ৷ ই-ৰিক্সাখন মুকলি কৰি নিয়াৰ সময়তেই ধন দিবলগীয়া হৈছিল বুলি ভাইৰেল ভিডি'অত স্পষ্ট হৈ পৰিছে বুলি আৰক্ষীৰ দাবী। ছচিয়েল মিডিয়াত এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে ডবকাৰ সচেতন লোক সকলৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ সকলোৱে একেমুখে গৰিহনা দিয়াৰ লগতে সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰো দাবী কৰিছে ৷

আনহাতে ই-ৰিক্সা চালকজনে ৰহস্যজনকভাৱে টকা দিয়াৰ কথা অস্বীকাৰ কৰিছে ৷

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি