• Home
  • »
  • News
  • »
  • crime
  • »
  •  Appointment Scam: দালাল ৰফিকুলক বিচাৰি চতিয়াত দিছপুৰ আৰক্ষীৰ অভিযান,

 Appointment Scam: দালাল ৰফিকুলক বিচাৰি চতিয়াত দিছপুৰ আৰক্ষীৰ অভিযান,

চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ ৰফিকুলৰ বিৰুদ্ধে। ৰফিকুলৰ লখিমপুৰৰ ঘৰতো অভিযান আৰক্ষীৰ।

চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ ৰফিকুলৰ বিৰুদ্ধে। ৰফিকুলৰ লখিমপুৰৰ ঘৰতো অভিযান আৰক্ষীৰ।

চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ ৰফিকুলৰ বিৰুদ্ধে। ৰফিকুলৰ লখিমপুৰৰ ঘৰতো অভিযান আৰক্ষীৰ।

  • Share this:
চাকৰিৰ দালালক বিচাৰি চতিয়াত দিছপুৰ আৰক্ষীৰ অভিযান ৷ চতিয়াৰ ঘাহিমুছলিম গাঁৱত দালাল ৰফিকুল ইছলাম ওৰফে "জানবা"ৰ শহুৰেকৰ ঘৰত আৰক্ষীয়ে চলালে অভিযান ৷ দিছপুৰ থানাৰ পৰা অহা অভিযানকৰী দলে চলালে এই অভিযান ৷ আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰিলে ৰফিকুলে ৷

জলসম্পদ বিভাগৰ চাকৰি প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ ৰফিকুলৰ বিৰোদ্ধে ৷ পলাতক ৰফিকুলৰ ঘৰ লক্ষীমপুৰৰ নকাৰীত ৷ বুধবাৰে ৰফিকুলক বিচাৰি দিছপুৰ আৰক্ষীয়ে লক্ষীমপুৰতো চলাইছিল অভিযান ৷ লক্ষীমপুৰত থকা মাটিবাৰী সমূহো ইতিমধ্যে বিক্ৰী কৰি পলাতক অৱস্থাত  আছে ৰফিকুলে ৷ জলসিঞ্চন বিভাগৰ চাকৰি দিয়াৰ নামত ৰফিকুলে সংগ্ৰহ কৰিছিল ধন ৷

লক্ষীমপুৰ, চতিয়াৰ সমান্তৰালকৈ গুৱাহাটীতো আৰক্ষীয়ে ৰফিকুলক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷ গুৱাহাটীৰ ভেটাপাৰাৰ ভাৰা ঘৰত আছিল যদিও বৰ্তমান পলাতক অৱস্থাত আছে ৰফিকুল ৷ অভিযানকাৰী দলটোৱে ৰফিকুলৰ শহুৰেকৰ ঘৰত টকা-পইছা তথা নথি পত্ৰৰ সন্ধান চলাইছিল যদিও তদন্তৰ খাতিৰত কি পালে কি নাপালে সংবাদ মাধ্যমৰ আগত কৰা নাই একো মন্তব্য ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি