• Home
  • »
  • News
  • »
  • crime
  • »
  • Guwahati Hit & Run Case | দুৰ্ঘটনাৰ নিশা মেডিকেল কৰোৱা নাছিল অভিযুক্ত মডেলৰ, এজাহাৰত নাই নৈশ কাৰ্ফিউ ভংগৰ উল্লেখ

Guwahati Hit & Run Case | দুৰ্ঘটনাৰ নিশা মেডিকেল কৰোৱা নাছিল অভিযুক্ত মডেলৰ, এজাহাৰত নাই নৈশ কাৰ্ফিউ ভংগৰ উল্লেখ

Guwahati Hit & Run Case |  দিশপুৰ আৰক্ষীৰ কেতবোৰ ভুলৰ বাবে অসম আৰক্ষীলৈ এতিয়া আঙুলি টোৱাইছে সকলোৱে ৷ শ্ৰমিকৰ ন্যায় বিচাৰি শ্ৰমিক ছানোৱাৰ চৌধুৰীয়ে দিব খুজিছে এজাহাৰ ৷ বিচাৰিছে ন্যায় ৷

Guwahati Hit & Run Case | দিশপুৰ আৰক্ষীৰ কেতবোৰ ভুলৰ বাবে অসম আৰক্ষীলৈ এতিয়া আঙুলি টোৱাইছে সকলোৱে ৷ শ্ৰমিকৰ ন্যায় বিচাৰি শ্ৰমিক ছানোৱাৰ চৌধুৰীয়ে দিব খুজিছে এজাহাৰ ৷ বিচাৰিছে ন্যায় ৷

Guwahati Hit & Run Case | দিশপুৰ আৰক্ষীৰ কেতবোৰ ভুলৰ বাবে অসম আৰক্ষীলৈ এতিয়া আঙুলি টোৱাইছে সকলোৱে ৷ শ্ৰমিকৰ ন্যায় বিচাৰি শ্ৰমিক ছানোৱাৰ চৌধুৰীয়ে দিব খুজিছে এজাহাৰ ৷ বিচাৰিছে ন্যায় ৷

  • Share this:
ৰাজকন্যা বৰুৱা ৷ ১ অক্টোবৰৰ নিশা সুৰাসক্ত হৈ দ্ৰুতগতিত গাড়ী চলাই নিশা কাম কৰি থকা শ্ৰমিকক মহতিয়াই নিয়াৰ অভিযোগ ৰাজকন্যাৰ বিৰুদ্ধে৷ শ্ৰমিকৰ জীৱনলৈ অমানিশা কঢ়িয়াই অনা ৰাজকন্যাই পিছদিনাই লাভ কৰিলে জামিন ৷ কিন্তু কেনেকৈ? কাৰ ভুলৰ বাবে ৰাজকন্যা বৰুৱাই লাভ কৰিছিল জামিন? কিয় স্বাস্থ্য পৰীক্ষা কৰোৱা নাছিল ৰাজকন্যা বৰুৱাৰ? এই প্ৰশ্নবোৰ অতি প্ৰাসংগিক হৈ পৰিছে গুৱাহাটীৰ এই কাণ্ডক লৈ ৷

আটাইতকৈ ডাঙৰ কথাটো হ'ল দিশপুৰ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱা নাছিল সুৰাসক্ত হৈ থকা বুলি অভিযোগ অহা ৰাজকন্যা বৰুৱাৰ ৷ ১ অক্টোবৰৰ দুপৰ নিশা দুৰ্যোগ প্ৰশমন আইন ভংগ কৰি নৈশ কাৰ্ফিউৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ৷ পিছে, কৰ্তব্যত থকা যানবাহন শাখাৰ SI ছাহিৰ আলীয়ে নকৰোৱালে মডেল ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা ৷ সেইসময়ত কৰ্তব্যত থকা দিছপুৰ থানাৰ আৰক্ষী বিষয়া আভাৰাণী গগৈয়েও নিদিলে গুৰুত্ব ৷ যাৰ ফলশ্ৰুতিত পিছদিনাই জামিন লাভ কৰিলে নিয়মৰ উপৰি নিয়ম ভঙা তথাকথিত মডেল ৰাজকন্যা বৰুৱাই৷

আৰক্ষীয়ে কি কি ভুল কৰিলে সেই নিশা- এক, মেডিকেল নকৰালে ৰাজকন্যাৰ ৷ দুই, এজাহাৰত নিলিখিলে নৈশ কাৰ্ফিউ ভংগ কৰাৰ কথা ৷ তিনি, PO অৰ্থাৎ ঘটনাস্থলীত নকৰিলে সঠিক অনুসন্ধান ৷ চাৰি, এজাহাৰত নিদিলে সুৰাসক্ত হৈ গাড়ী চলোৱাৰ অভিযোগৰ কথা ৷  দিশপুৰ আৰক্ষীৰ এনে ভুলৰ বাবে অসম আৰক্ষীলৈ এতিয়া আঙুলি টোৱাইছে সকলোৱে ৷ শ্ৰমিকৰ ন্যায় বিচাৰি শ্ৰমিক ছানোৱাৰ চৌধুৰীয়ে দিব খুজিছে এজাহাৰ ৷ বিচাৰিছে ন্যায় ৷

"সেই দিনা সেই স্থানতে আছিলো মই ৷ ছয়মাইলৰ ফালৰ পৰা তীব্ৰ বেগত আহি আমাৰ শ্ৰমিক সকলে কাম কৰি থকাৰ ওচৰতে থকা গাঁড়ীখনত খুন্দিয়ালেহি ছোৱালীজনীয়ে ৷ যোচেফ নে কি সেইজন আমাৰ মানুহ নাছিল ৷ এজাহাৰ খনত বহু কথা নিলিখাৰ বাবে আমি ন্যায়ৰ পৰা বঞ্চিত হ'লো ৷ আমাক ন্যায় লাগে ৷"— ক'লে প্ৰত্যক্ষদৰ্শী শ্ৰমিক ছানোৱাৰে।

ৰাজকন্যা বৰুৱাৰ ক্ষেত্ৰত সন্দেহৰ আৱৰ্তলৈ অহা দিশপুৰ আৰক্ষীৰ দুই বিষয়া আভাৰাণী গগৈ, ছাহিৰ আলীক কৰা হৈছে ৰিজাৰ্ভ ক্ল'জ ৷ আনহাতে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো এটা কথা স্পষ্ট কৰি দিছে ৰাজকন্যা বৰুৱাক জামিনৰ সুবিধা কৰি দিয়াৰ ক্ষেত্ৰত কৰ্তব্যত গাফিলতি কৰা মানেই বিপদ ৷ সাৰি যাব নোৱাৰিব ৰাজকন্যাক সহায় কৰা আৰক্ষী ৷
Published by:Manjumoni Borah
First published: