দিছপুৰ আৰক্ষীৰ জালত বৃহৎ ATM প্ৰৱঞ্চক। এই এটিএম চোৰৰ গেঙে ৰাজ্যৰ চুকে-কোণে বহু লোকৰ এটিএম কাৰ্ডেৰে লুটিছিল লাখ লাখ টকা। এটিএমৰ পৰা টকা উলিয়াওঁতে সহায় কৰাৰ ছলেৰে চুৰি কৰে এটিএম কাৰ্ড আৰু অন্য এখন কাৰ্ড হাতত তুলি দি গ্ৰাহকৰ পৰা লুটে লাখ লাখ টকা ৷
কাৰ্ড সলনি কৰি গ্ৰাহকৰ একাউণ্টৰ পৰা টকা উলিয়াই নি এই চক্ৰটোৱে ৰাজ্যৰ বহু লোকৰ পৰা লুটিছিল লাখে লাখে টকা ৷ সাধাৰণতে মহিলা আৰু বৃদ্ধ লোকক টাৰ্গেট কৰিছিল প্ৰৱঞ্চক তথা চোৰৰ গেংটোৱে ৷
ৰাজ্যৰ বিভিন্ন থানাত বহু গোচৰ থকা এই গেঙৰ সদস্য অৱশেষত পৰিল আৰক্ষীৰ জালত। দিছপুৰ আৰক্ষীৰ জালত পৰা প্ৰৱঞ্চককেইজন ক্ৰমে লুত্ফৰ ৰহমান ওৰফে ৰকী, আমিনুল হক ওৰফে আমিন, হানিফুৰ ৰহমান আৰু ছহিদুল ইছলাম ৷
কেৱল দিছপুৰ থানাতেই ১২টাকৈ গোচৰ আছে প্ৰৱঞ্চক তথা চোৰকেইজনৰ বিৰুদ্ধে৷ এতিয়া এই গেংটোৰ সদস্যক গ্ৰেপ্তাৰ কৰাৰ পিছতে বহু লোক এ টি এম প্ৰৱঞ্চনাৰ পৰা ৰক্ষা পৰিব বুলি আশা প্ৰকাশ কৰিছে আৰক্ষীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।